নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থিত্বপ্ৰত্যাশী…

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : কংগ্ৰেছৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থিত্বপ্ৰত্যাশী। স্থলপথৰ পৰিৱৰ্তে জলপথেৰে ৰাজীৱ ভৱনলৈ যাত্ৰা প্ৰাৰ্থিত্বপ্ৰত্যাশীগৰাকীৰ।

দুটাকৈ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ আবেদন দাখিলৰ বাবে যাত্ৰা আৰম্ভ কৰিছে প্ৰাৰ্থিত্বপ্ৰত্যাশীগৰাকীয়ে । নেকিবুৰ ৰহমান হাজৰিকা নামৰ এই প্ৰাৰ্থীগৰাকীয়ে আজি ৰাজীৱ ভৱনত লাহৰীঘাট আৰু ধিং বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰিব ।

নেকিবুৰ ৰহমান হাজৰিকাৰ মন বিধায়ক হোৱাৰ। সেয়ে ডিঙিত গামোচা লৈ যন্ত্ৰচালিত নাৱেৰে ৰাজীৱ ভৱনলৈ যাত্ৰা নেকিবুৰৰ । সাংবাদিকৰ কেমেৰাৰ সন্মুখত গামোচাৰ মহত্ত্বও বিৱৰি ক’লে নেকিবুৰ ৰহমান হাজৰিকাই।

You might also like