নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ কৰাৰাত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড, অস্ত্ৰধাৰী দলে লুটি নিলে ১৮ লাখ টকা

বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : ৰঙিয়াৰ কৰাৰাত নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় । তিনিজনীয়া অস্ত্ৰধাৰী দলে লুটি নিলে নগদ ১৮ লাখ টকা। অস্ত্ৰধাৰী দলে ডিঙিত ৰেপি ঘৰৰ পাছফালে আহত অৱস্থাত পেলাই থৈ যায় গৌতম কলিতা নামৰ লোকজনক।

উল্লেখ্য যে ঘৰত অকলে আছিল গৌতম কলিতা নামৰ লোকজন । গৌতম কলিতাক মাৰপিট কৰি তিনিজনীয়া দলটোৱে নগদ ১৮ লাখ টকাৰ লগতে লুটি নিলে সোণৰ আ-অলংকাৰ । মাটি বিক্ৰী কৰি পোৱা ধনৰ লগতে ক্ষুদ্ৰ সঞ্চয়ৰ পৰা আনি থৈছিল লুট হোৱা টকাখিনি । গৌতম কলিতাই নিজৰ গডৰেজত ৰাখিছিল টকাখিনি । বাইকত অহা তিনিজনীয়া অস্ত্ৰধাৰী দলে লুট কৰি নিয়ে টকাখিনি। ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

You might also like