ডিজিটেল ডেস্ক, ২৮ জানুৱাৰী : ঘটনাটো ভৰমৌৰৰ৷ পাহাৰৰ বহুখিনি ওপৰত এই ঠাইখন৷ তাতেই পোহনীয়া কুকুৰটোৰ সৈতে বাস কৰে এজন যুৱকে৷ কিছুদিন ধৰি হিমাচলত হৈ আছে প্রবল তুষাৰপাত৷ পাহাৰৰ ওখ এলেকাত তুষাৰপাত আৰু বেছি৷ এই হিম দুর্যোগৰ মাজতে ঘৰৰ পৰা বাহিৰ ওলাবলগীয়া হৈছিল যুৱকজন৷ সন্দেহ কৰা হৈছে যে প্রবল শীতৰ কাৰণে যুৱকজনে মৃত্যুমুখত পৰে৷ প্রাকৃতিক দুর্যোগৰ বাবে কোনোৱেই ঘৰৰ বাহিৰ ওলাব পৰা নাছিল বাবে যুৱকজনৰ মৃত্যুৰ খবৰটো পোৱা নাছিল৷
৪ দিন পিছত পৰিস্থিতিৰ অলপ উন্নতি হোৱাত গাঁওবাসীয়ে যুৱকজনক তেওঁৰ ঘৰৰ পৰা কিছু দূৰত পৰি থকা দেখিবলৈ পায়৷ বৰফত ঢাক খাই আছিল তেওঁৰ মৃতদেহটো৷ কেৱল যুৱকজনে পিন্ধি থকা গৰম কাপোৰ আৰু দেহৰ সামান্য অংশহে ওলাই আছিল৷ কিন্তু যিটো ঘটনাই সকলোকে চমক দিছিল সেয়া হ’ল যুৱকজনৰ পোহনীয়া কুকুৰটোৰ প্রভুভক্তি৷ মৃতদেহটোৰ ওচৰত বহি আছিল কুকুৰটো৷ চাৰি দিন ধৰি প্রচণ্ড ঠাণ্ডাৰ মাজতো ভোক-পিয়াহকো উপেক্ষা কৰি মালিকৰ দেহৰ ওচৰত মন মাৰি বহি আছিল কুকুৰটো৷
উদ্ধাৰকাৰীসকলে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়৷ কিন্তু মৃতদেহটো উদ্ধাৰৰ চেষ্টা কৰোঁতেই পোহনীয়া কুকুৰটো আক্রমণাত্মক হৈ উঠে৷ বহু সময় পিছতহে কুকুৰটোক শান্ত কৰি মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ গাঁওবাসীয়ে প্রকাশ কৰা মতে, পিছত যুৱকজনৰ পোহনীয়া প্রভুভক্ত কুকুৰটোকো উদ্ধাৰ কৰি নিয়া হয়৷
উল্লেখ্য যে যোৱা কিছুদিন ধৰি হিমাচল প্রদেশত প্রবল তুষাৰপাত হৈ আছে৷ ৰাজ্যজুৰি এহাজাৰৰো অধিক ৰাস্তাত চলাচল বন্ধ হৈ পৰিছে৷ বিপুল যান-জঁটত আবদ্ধ হৈ পৰিছে পর্যটকসকল৷ আগন্তুক দিনত তুষাৰপাত আৰু বাঢ়িব বুলিহে আগজাননী দিয়া হৈছে৷