নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী

ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী : কলিয়াবৰত শোকাৱহ ঘটনা। বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন বনকৰ্মী। নিহত বনকৰ্মীজন শিলঘাট বন খণ্ডৰ দিলীপ কোঁৱৰ।

পুৱতি নিশা চামধৰা গাঁৱত বন্যহস্তী খেদিবলৈ যাওঁতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দিলীপ কোঁৱৰক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বনকৰ্মীজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

You might also like