নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপৰ পিছত চাকৰি হেৰুৱাব গৌতম গম্ভীৰে !

ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী : টি–২০ বিশ্বকাপৰ পিছতে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে চাকৰি হেৰুৱাব বুলি ইতিমধ্যে আৰম্ভ হৈছে জল্পনা–কল্পনা৷ সম্প্রতি নিউজিলেণ্ডৰ বিপক্ষে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথম তিনিখন মেচত বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিলেও ভাৰতীয় টেষ্ট দলৰ প্রশিক্ষক হিচাপে গম্ভীৰৰ ফলাফল আছিল অতি শোচনীয়৷

চেম্পিয়নছ ট্রফী জয় কৰাৰ পিছতো এদিনীয়া দ্বিপাক্ষিক শৃংখলাত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় দলটো৷ ফলত গম্ভীৰে চাকৰি হেৰুৱাব বুলি চর্চা চলিছে অনুৰাগীৰ মাজত৷ অৱশ্যে এই সন্দর্ভত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই মন্তব্য আগবঢ়াইছে৷ সংবাদ প্রতিষ্ঠানৰ আগত ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে গম্ভীৰ সন্দর্ভত কি সিদ্ধান্ত লোৱা হ’ব সেইটো নির্ণয় কৰিবলৈ তেওঁলোকৰ এখন কমিটী আছে৷ আমাৰ এখন কমিটী আছে৷ তাত প্রাক্তন ক্রিকেটাৰো আছে, তেওঁলোকে সিদ্ধান্ত লয়৷ গতিকে সিদ্ধান্ত লোৱাজন মই নহয়৷ তেওঁলোকে সকলো বিষয় আলোচনা কৰিব আৰু তাৰ পিছত সিদ্ধান্ত ল’ব৷ প্রশিক্ষক গম্ভীৰক আঁতৰোৱাৰ বাবে খৰখেদা কৰাৰ প্রয়োজন নাই৷

ইয়াৰ সমান্তৰালকৈ ব’ৰ্ডৰ সম্পাদকগৰাকীয়ে এই কথাও কয় যে ভাৰতৰ দৰে দেশত বেয়া প্রদর্শন কৰিলে সমালোচনাৰ সন্মুখীন হ’ব বুলি তেওঁলোকে জানে৷ ব’র্ডে কাৰো মুখ বন্ধ কৰি ৰাখিব নোৱাৰে৷ ১.৪ বিলিয়ন জনসংখ্যাৰ এখন দেশ৷ সকলো ক্রিকেটৰ বিশেষজ্ঞ৷ সকলোৰে এটা মতামত থাকে৷ গণতান্ত্রিক দেশত আমি কাকো নীৰৱ কৰি ৰাখিব নোৱাৰোঁ৷ সংবাদ মাধ্যমতো বিভিন্ন জল্পনা–কল্পনা চলি আছে৷

অৱশ্যে বাহিৰৰ মতামত শুনি তেওঁলোকে যে কোনো সিদ্ধান্ত গ্রহণ নকৰে সেয়া দেৱজিৎ শইকীয়াৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে৷ যি সিদ্ধান্ত লোৱা হ’ব সেয়া হ’ব ব’ৰ্ডৰ ভিতৰত বহু আলোচনাৰ অন্তত৷

উল্লেখ্য যে গম্ভীৰে দায়িত্ব লোৱাৰ পূর্বে টীম ইণ্ডিয়াই ৯৩ বছৰত মাত্র এবাৰহে ঘৰুৱা ক্ষেত্রত দুখন বা তাতকৈ অধিক টেষ্ট শৃংখলাত পৰাস্ত হৈছিল৷ কিন্তু গম্ভীৰৰ কার্যকালত ভাৰতীয় দলটোৱে দুবাৰকৈ টেষ্ট শৃংখলাত পৰাজয়ৰ সন্মুখীন হৈছে৷ প্রথমে নিউজিলেণ্ড আৰু তাৰ পিছত দক্ষিণ আফ্রিকাৰ হাতত ঘৰৰ মাটিত টেষ্ট শৃংখলাত পৰাস্ত হয় ভাৰতীয় দলটো৷

You might also like