বিশাখাপট্টনমত মাৰমুখী শিৱম ডুবে, ১৫ বলত অৰ্ধশতক অৰ্জন
নিউজ ডেস্ক, ২৯ জানুৱাৰী : আলহী দল নিউজিলেণ্ডে টীম ইণ্ডিয়াৰে খেলি থকা পাঁচখনীয়া টি–২০ শৃংখলাটোত পৰাজয়ৰ ব্যৱধান ৩–১লৈ হ্রাস কৰিছে৷ কালি অনুষ্ঠিত মেচখনত নিউজিলেণ্ডে ভাৰতক ৫০ ৰানত পৰাস্ত কৰে৷ মেচখনত কিৱি দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২১৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাৰতে ১৮.৪ অভাৰত ১৬৫ ৰানহে কৰিবলৈ সক্ষম হয় ৷
খেলখনত ভাৰত পৰাস্ত হ’লেও শিৱম ডুবেৰ বিধ্বংসী বেটিঙে ভাৰতীয় দৰ্শকক মনোৰঞ্জন দিয়ে। বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত মেচখনত শিৱম ডুবেই এক চমকপ্ৰদ ইনিংছ খেলে। ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে মাত্ৰ ২৩টা বলত বিস্ফোৰক ৬৫ ৰান সংগ্ৰহ কৰে, য’ত ৭টা ছয় আৰু তিনিটা চাৰি আছিল। এই মেচখনত মাৰমুখী বেটিঙেৰে মাত্ৰ ১৫টা বলত ডুবেই অৰ্ধশতক অৰ্জন কৰে ।
টি-২০ ইণ্টাৰনেচনেলত ভাৰতীয় বেটছমেনৰ এইটো তৃতীয় দ্ৰুততম অৰ্ধশতক । এই ক্ষেত্ৰত শিৱম ডুবেতকৈ কেৱল যুৱৰাজ সিং আৰু অভিষেক শৰ্মাহে আগবাঢ়ি আছে । ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ১২টা বলত অৰ্ধশতক অৰ্জন কৰিছিল যুৱৰাজে। ইফালে, নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাৰ সময়ত গুৱাহাটীত ১৪টা বলত অৰ্ধশতক অৰ্জন কৰিছিল অভিষেক শৰ্মাই।