নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজ্ঞাত কাৰণত তিনি গাঁৱৰ অৰ্ধশতাধিক পুৰুষ-মহিলা অসুস্থ

বকোৰ তিনিখন গাঁৱৰ অৰ্ধশতাধিক পুৰুষ-মহিলা অজ্ঞাত কাৰণত অসুস্থ হৈ পৰিছে। ততাতৈয়াকৈ শিশুসহ প্ৰায় ৪৮জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে।

স্থানীয় লোকে খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰিছে। এই ঘটনাক লৈ বকোৰ জৱেপাৰা, ৰংচেপাৰা আৰু ভোগদাবাড়ীৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছে। একাংশই সৰস্বতী পূজা আৰু বাথৌ পূজাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পিছত অসুস্থ হোৱাৰ সন্দেহ কৰিছে।

আন একাংশই এনেয়ে অসুস্থ হৈ পৰাৰ তথ্য প্ৰকাশ কৰে। বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩০জনৰ অধিক চিকিৎসাধীন হৈ আছে।

ডিম্পল বড়ো আৰু টুচোৰাম বড়োক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। বকোস্থিত দুই/তিনিখন ব্যক্তিগত হাস্পতালতো ৰোগীক ভৰ্তি কৰোৱা হৈছে। ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে ভুক্তভোগী ৰাইজ।

ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী

You might also like