চিনামৰা কলেজ NSSৰ উদ্যোগত সজাগতা সভা
বৰ্তমান সমাজত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা সামাজিক মাধ্যম বা ম’বাইল ফোনৰ প্ৰকৃত ব্যৱহাৰৰ নিৰ্দেশনাৰ বিষয়ে অজ্ঞতাৰ বাবে সঘনাই নাগৰিক সকল সৰ্বস্বান্ত হ’ব লগা হৈ আহিছে। এনেধৰণৰ ঘটনাবোৰ সহজলভ্য হৈ পৰাটোৱেই প্ৰমাণ কৰে যে আমি ডিজিটেল পৃথিৱী খনৰ লগত কিমান পৰিচিত।
আজি চিনামৰা মহাবিদ্যালয় NSS গোটৰ উদ্যোগত আৰু যোৰহাট জিলা আইন প্ৰাধিকৰণৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত হোৱা ডিজিটেল আইন, চাইবাৰ অপৰাধৰ সুৰক্ষা আৰু লিটাৰেচী সজাগতা সভা শীৰ্ষক সভাত বক্তব্য আগবঢ়াই যোৰহাট জিলা চাইবাৰ ক্ৰাইম বিভাগৰ কৰ্তব্যৰত আৰক্ষী উপ পৰিদৰ্শক বিতুপন নাথে এনেদৰে মন্তব্য কৰে।
প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত চিনামৰা মহাবিদ্যালয় ডিজিটেল সভাকক্ষত অনুষ্ঠিত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত অতিথিসকলক আদৰণি জনায় ব্যক্তব্য প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন শইকীয়াই।
মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্য্যক্ৰম বিষয়া অধ্যাপক পদ্মেশ্বৰ কাটনীয়ে আঁত ধৰা সভাখনত যোৰহাট জিলা মটৰ পৰিবহণ বিষয়া চেমিম চুলতানা বেগমে যান বাহনৰ চালক ছাত্ৰ-ছাত্ৰী তথা ব্যৱহাৰকাৰীসকলৰ উদ্দেশ্যে বৰ্ধিত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় নিয়ম-নিৰ্দেশনা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক সুৰক্ষিত ৰখাৰ স্বাৰ্থত যান বাহন ব্যৱহাৰৰ বাবে দৃশ্য শ্ৰাব্য় মাধ্যমেৰে প্ৰদৰ্শন কৰি সজাগতা সৃষ্টিৰে ব্যক্তব্য আগবঢ়ায়।
চাইবাৰ ক্ৰাইম আৰু ডিজিটেল আইন তথা লিটাৰেচীৰ বিভিন্ন দিশ সামৰি ছাত্ৰ ছাত্ৰীসকলক সজাগ সচেতন কৰাটোৱেই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি যোৰহাট আইন প্ৰাধিকৰণৰ সচিব তথা ছেছন ন্যায়াধীশ তথা কিৰন লাল বৈষ্ণৱে আইন মানি চলিবলৈ সকলোকে আহ্বান জনায় বক্তব্য প্ৰদান কৰে।
মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষেও সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু যোৰহাট আইন প্ৰাধিকৰণৰ বৰ্তমানৰ কৰ্মচাৰী আছফিক জাহিৰ আৰু আইন প্ৰাধিকৰণৰ কোষৰ সদস্য বিজিত মহন্তকো মহাবিদ্যালয়ৰ অধ্যক্ষৰ তৰফৰ পৰা সম্ভাষণ জনোৱা হয়।
নিয়মীয়া বাৰ্তা, চিনামৰা, ২৯ জানুৱাৰী