নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰ : ১৩ ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন আদালতে অহা ১৩ ফেব্ৰুৱাৰী ধাৰ্য কৰিছে। শুকুৰবাৰে হোৱা শুনানিত আদালতে তিনিও অভিযুক্তৰ বিৰুদ্ধে দাখিল হোৱা প্ৰমাণসমূহৰ ভিত্তিত জামিন আবেদন নাকচ কৰে।

ইফালে, অভিযুক্ত সিদ্ধাৰ্থৰ অধিবক্তাই আদালতত নতুনকৈ তিনিখন আবেদন দাখিল কৰিছে। ইয়াৰ ভিতৰত জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰৰ পৰা সিদ্ধাৰ্থক মুক্তি দিয়াৰ আবেদনো অন্তৰ্ভুক্ত আছে। লগতে, ছিংগাপুৰত সংঘটিত ঘটনাৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰাৰ বাবে আদালতত পৃথক আবেদন জনোৱা হৈছে।

সিদ্ধাৰ্থৰ অধিবক্তাই লগতে তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰৰ সৈতে সম্পৰ্কিত নথি-পত্ৰ বিচাৰি আবেদন দাখিল কৰে। আদালতে এই আবেদনসমূহ গ্ৰহণ কৰি বিষয়টো পৰ্যালোচনাৰ বাবে ৰাখিছে।

উল্লেখযোগ্য যে, এই হত্যাকাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী শুনানিত আদালতে এই নতুন আবেদনসমূহৰ ওপৰত কি সিদ্ধান্ত লয়, সেই দিশত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী

You might also like