নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰজাবাহৰত দুদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ অধিৱেশন

ডিজিটেল ডেস্ক, ১ ফেব্ৰুৱাৰী : আজি হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে তিতাবৰৰ ৰজাবাহৰ। চৌপাশত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ। ৰজাবাহৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশন।

সংঘৰ বৰহোলা আঞ্চলিকৰ আতিথ্যত সু-পৰিকল্পিত আৰু অতি আকৰ্ষণীয়কৈ অনুষ্ঠিত এই অধিৱেশনত অগণন ভকত-বৈষ্ণৱ, আই-মাতৃ, শিশু-কিশোৰে অংশগ্ৰহণ কৰিছে।

আজি পুৱাই ভাগৱতসহ বিশাল সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ণ কৰা হয়। হৰিনাম-কীৰ্তনৰ ধ্বনিৰে চৌপাশ মুখৰ কৰি তোলা শোভাযাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কেইবাশ লোকে অংশগ্ৰহণ কৰে। গায়ন-বায়নসহ ৰূপায়িত শোভাযাত্ৰাটোৱে সমাজলৈ একতা আৰু আধ্যাত্মিকতাৰ এক ইতিবাচক বাৰ্তা দিয়া পৰিলক্ষিত হয়।

ইয়াৰ পিছতে অন্তৰংগ আলাপ, মুকলি সভা আদি অনুষ্ঠিত হ’ব। মুকলি সভাত ‘মহাপুৰুষ মাধৱদেৱ বঁটা’ আৰু ‘কীৰ্তিমান বঁটা’ প্ৰদান কৰা হ’ব। সভাত নিৰ্দিষ্ট বক্তাৰ লগতে উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট অতিথি।

You might also like