নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত ৭০টা চোৰাং গৰুভৰ্তি দুখন ট্ৰাকসহ আঠজনক আটক

নগাঁও জিলাৰ চামগুৰি থানাৰ আৰক্ষীয়ে আজি গটঙা দশমীঘাট অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ  বিৰুদ্ধে অভিযান চলাই ৭০টাকৈ চোৰাং গৰুসহ দুখন ট্ৰাক জব্দ কৰাৰ লগতে ৮জনকৈ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পঠকৰ নিৰ্দেশ ক্ৰমে উপ-পৰিদৰ্শক চন্দন পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে এক গোপন খবৰৰ ভিত্তিত গটঙা দশমীঘাট অঞ্চলৰ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ৫.৩০ মান বজাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়৷ পৰৱৰ্তী সময়ত চামগুৰি থানাৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই থকাৰ সময়ত  কলিয়াবৰ  দিশৰ পৰা  নগাঁও অভিমুখে আহি থকা এ এছ-২৫ ডি চি-১৬৯৭ আৰু এ এছ-০১ ইউ চি-১৪৭৭ নম্বৰৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক আৰক্ষীৰ দলটোৱে জব্দ কৰে ।

পৰৱৰ্তী সময়ত ট্ৰাক দুখনৰ পৰা আৰক্ষীৰ দলটোৱে ৭০টাকৈ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, আৰক্ষীৰ দলটোৱে অভিযান চলোৱাৰ সময়ত ট্ৰাক দুখনৰ চালক আৰু পৰিচালকৰ পৰা গৰু সৰবৰাহৰ কোনো বৈধ নথিপত্ৰ লাভ কৰা নাই বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

অভিযানকাৰী আৰক্ষীৰ দলটোৱে মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত কুৰাণীবাৰীৰ মুস্তফা আহমেদ (৪১), ধেমাজি জিলাৰ চিলিপথাৰ গান্ধী নগৰৰ ফুলচান্দ আলী (২৫) আৰু হাছেন আলী (২৮); নগাঁও জিলাৰ খাটোৱাল থানাৰ অন্তৰ্গত গেৰুৱা আটিৰ মুকবুল হুছেইন (৩৬); শোণিতপুৰ জিলাৰ জামুগুৰি থানাৰ অন্তৰ্গত গোটাইমাৰীৰ হাবিজ উদ্দিন (২৫); বিশ্বনাথ জিলাৰ দোৰিয়া থানাৰ অন্তৰ্গত গিলাধাৰী মুখৰ আটাবুৰ ৰহমান (২৫); ধেমাজি জিলাৰ চিলাপথাৰ থানাৰ অন্তৰ্গত গেলুৱাৰ ৱাহিদুৰ আলী (৩০) আৰু  ৰহমত আলী (২৬)ক আটক কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আজি আটক কৰা চোৰাং গৰু সৰবৰাহকাৰী আঠজনক আৰু অধিক তথ্যৰ বাবে চামগুৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰখাৰ লগতে ট্ৰাক দুখনৰ পৰা উদ্ধাৰ কৰা চোৰাং গৰুকেইটা পৰৱৰ্তী সময়ত নগাঁও বেঙেনাআটিস্থিত জ্যোতি গো-শালালৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

নিয়মীয়া বাৰ্তা, চামগুৰি, ১ ফেব্ৰুৱাৰী :
You might also like