নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাত অৰাজকতা : সকলো আয়োজন কৰিও নহ’ল সাংস্কৃতিক শোভাযাত্রা

ভাষা–সাহিত্য–সংস্কৃত্ ৰক্ষার্থে গঠিত অসম সাহিত্য সভা এতিয়া হৈ পৰিছে এচাম বিষয়ববীয়াৰ বাবে ন্যস্তস্বার্থ পূৰণৰ থলী৷ মন কৰিবলগীয়া যে যোৱা ৩১ জানুৱাৰীৰ পৰা পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র চৌহদত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন ২০২৬৷

৩১ জানুৱাৰীৰ পৰা ৩ ফেব্রুৱাৰীলৈ বিস্তৃত কার্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ প্রতিটো ক্ষেত্রতে সৃষ্টি হোৱা চূড়ান্ত অৰাজকতাই সম্প্রতি সকলো সাহিত্যপ্রেমীক হতাশ কৰি তুলিছে৷ প্রশ্ন হৈছে এইখন অধিৱেশন নে বাণিজ্য মেলা?

উল্লেখ্য যে কালি বিভিন্ন কার্যসূচীৰে অসম সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনৰ কার্যসূচী অনুষ্ঠিত হয়৷ চূড়ান্ত খেলিমেলিৰে অনুষ্ঠিত অধিৱেশনৰ দ্বিতীয় দিনৰ কার্যসূচীয়ে সকলোকে আশাহত কৰি তুলিলে৷ পুৱাৰ ভাগত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পিছতেই বিভিন্ন জাতি–জনগোষ্ঠীৰ প্রতিনিধি তথা বিষয়ববীয়াসকলেও মুঠ ১১৮খন পতাকা উত্তোলন কার্যসূচী অনুষ্ঠিত হয় যদিও পতাকা উত্তোলনকাৰীক গামোচা পিন্ধোৱা–নিপিন্ধোৱাক কেন্দ্র কৰি এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হয়৷

সভাৰ এক সূত্রৰ পৰা জানিব পৰা মতে, কেন্দ্রীয় সমিতি আৰু আদৰণী সমিতিৰ সমন্বয়হীনতাৰ বাবেই এই অনাহক বিতর্কৰ সূত্রপাত হয়৷ কেন্দ্রীয় নেতৃত্বৰ গা এৰা দিয়া মনোভাব তথা আদৰণী সমিতিৰ একাংশ সদস্যৰ মইমতালিৰ বাবেই এই খেলিমেলিৰ সৃষ্টি হয়৷ অধিৱেশনথলীলৈ আহি এনে অপ্রীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ বহু অপমানিত হ’বলগীয়া হোৱা কেইবাগৰাকীও সাহিত্যপ্রেমীয়ে যথেষ্ট ক্ষোভ প্রকাশ কৰে৷

অসম সাহিত্য সভাৰ অধিৱেশনৰ নামত এনে চূড়ান্ত মইমতালি পূর্বেতে কেতিয়াও দেখা নাই বুলি বহু সাহিত্যপ্রেমীয়ে ক্ষোভ প্রকাশ কৰে৷ লক্ষণীয় যে দিনৰ ১১ বজাত সভাপতিক লৈ এক সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হোৱাৰ কথা আছিল৷

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্রী বিমল বড়াই উদ্বোধন কৰিবলগীয়া শোভাযাত্রাটোৰ বাবে বহু সংবাদ মাধ্যমে বহু সময়জুৰি অপেক্ষা কৰিলে যদিও শোাযাত্রাটো অনুষ্ঠিত হৈ নুঠিল৷ সভাৰ একাংশ বিষয়ববীয়াৰ মতে অনিবার্যকাৰণবশত শোভাযাত্রাটো অনুষ্ঠিত কৰিব পৰা নগ’ল৷ বহুদিন পূর্বৰে পৰা ঢাকঢোল বজাই থকাৰ পিছতো আজি কি অনিবার্যকাৰণশতঃ শোভাযাত্রা অনুষ্ঠিত নহ’ল, তাক লৈ সভাপতি, উপ–সভাপতি অথবা প্রধান সম্পাদক কোনোজনেই জবাবদিহি হোৱাৰ নূ্যনতম প্রয়োজনবোধ নকৰিলে৷

অৱশ্যে ইয়াৰ মাজতো কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্টুপীয়াকৈ মুষ্টিমেয় কেইজনমান লোকৰ উপস্থিতিত অনুষ্ঠিত হয় সাহিত্য উৎসৱ৷ চূড়ান্ত বিশৃংখলতাৰ পৰিচয় দি অনুষ্ঠিত বিশেষ বার্ষিক অধিৱেশনখন নিয়ম মতে সাহিত্য চর্চাৰ প্রাণকেন্দ্র হ’ব লাগিছিল যদিও বাণিজ্য মেলালৈহে পৰিণত হোৱা বুলি বহু সাহিত্যপ্রেমীয়ে আক্ষেপ কৰিছে৷

অধিৱেশনত গ্রন্থমেলাৰ লগতে আন বহু বিপণী আহিছে যদিও অতি দৃষ্টিকটুভাৱে অধিৱেশনৰ ভোজন কক্ষৰ পিছফালে কেইবাখনো পোৰা মঙহ আৰু পৰম্পৰাগত পানীয়ৰ দোকান দিয়াক লৈ ৰাইজৰ মাজত তীব্র চর্চা চলিছে৷ পৰম্পৰাগত পানীয়ৰ নাম লৈ অধিৱেশনথলীত নিচাসক্ত পৰিৱেশ এটা সৃষ্টি হোৱাটো কোনোৱে কাম্য নকৰে যদিও অধিৱেশনথলীত সেয়াও সুলভ হৈ পৰা বুলি বহুজনে মন্তব্য কৰিছে৷

আৰম্ভণিৰ দিনাৰে পৰাই অধিৱেশনৰ নামত হোৱা চূড়ান্ত অৰাজকতাৰ মাজতে আন এক খবৰেও সভাৰ ভিতৰচ’ৰাত যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছে৷ সাহিত্য সভাৰ সংবিধানৰ সকলো নীতি–নিয়মক মোহাৰি সাহিত্য চর্চা এৰি কেৱল কার্যকাল বৃদ্ধিৰ চিন্তাত মগ্ন হৈ থকা একাংশ জ্যেষ্ঠ নেতাৰ ইচ্ছাকৃত মইমতালিৰ বাবেই এইবাৰ অধিৱেশন যথেষ্ট বেমেজালিময় হৈ পৰা বুলি অভিযোগ উঠিছে৷ কোনো কাৰণ নোহোৱাকৈ কার্যকাল বৃদ্ধি কৰা আৰু সভাপতিৰ নির্বাচন প্রক্রিয়াৰ পৰা গণতান্ত্রিক ব্যৱস্থাক আঁতৰ কৰি নিজৰ বাট মুকলি কৰা বৃদ্ধ নেতাৰ এই কুটিল পৰিকল্পনাৰ অৱশ্যে কালি হৈ যোৱা কার্যনির্বাহকে নস্যাৎ কৰিছে বুলি জানিব পৰা গৈছে৷

সভাৰ ক্ষোভিত একাংশ বিষয়ববীয়াৰ অভিযোগ মতে সাহিত্য সভাৰ বিভিন্ন প্রকল্পত জমা থকা বৃহৎ পুঁজিৰ বাবেই হঠাতেই এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যি কি নহওক, অসম সাহিত্য সভাৰ দৰে এটা গৰিমামণ্ডিত অনুষ্ঠানৰ নামত সৃষ্টি হোৱা এনে বেমেজালিয়ে সভাৰ মর্যাদা অৱনমিত কৰাৰ লগতে অসমীয়া ভাষা–সাহিত্যৰ ভৱিষ্যতক লৈও বহু প্রশ্ণৰ অৱতাৰণা কৰিছে বুলি ৰাজ্যৰ বিভিন্ন মহলত চর্চা চলিছে৷

ডিজিটেল ডেস্ক, ২ ফেব্রুৱাৰী

You might also like