এবছৰত দীপৰ বিলত পক্ষীৰ সংখ্যা ১৭,৭০০লৈ বৃদ্ধি
ছেভেন ৱেব–বার্ড কাউণ্ট ইণ্ডিয়া, বন বিভাগ, কটন–ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত গণনা
ৰামচাৰ ছাইট দীপৰ বিলত এবছৰত পৰিভ্রমী পক্ষীৰ সংখ্যা ১৭,৭০০লৈ বৃদ্ধি পাইছে৷ ছেভেন ৱেবৰ উদ্যোগত আৰু বন বিভাগৰ লগতে বার্ড কাউণ্ট ইণ্ডিয়া, কটন বিশ্ববিদ্যালয়, অসম ডনবস্ক’ বিশ্ববিদ্যালয়, বন্য বন্ধু, দীপৰ বিল সুৰক্ষা সমিতি তথা পাচপৰা সমবায় সমিতিৰ সহযোগত গণনা প্রক্রিয়া সম্পন্ন কৰাৰ পিছত এই তথ্য পোহৰলৈ আহিছে৷
গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি উদ্যোক্তাসকলৰ হৈ প্রমোদ কলিতাই এই কথা সদৰী কৰে৷ তেওঁ কয় যে দীপৰ বিলত পূর্বে ২৮,৩৩১টা পক্ষী আছিল যদিও ২০২৩ চনত ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয় আৰু অসম চৰকাৰৰ উদ্যোগত দীপৰ বিলত ‘ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল’ৰ আয়োজন কৰা হয়৷
ইয়াৰ পিছত পক্ষীৰ সংখ্যা ১১,২৭১টালৈ হ্রাস পাইছিল৷ ইয়াৰ পিছত ছেভেন ৱেবছৰ উদ্যোগত প্রতিবছৰে বিশ্ব জলাহভূমি দিৱসৰ লগত সংগতি ৰাখি দীপৰ বিলত পক্ষী গণনা কার্যসূচী হাতত লোৱা হয়৷ ছেভেন ৱেবছৰ উদ্যোগত আৰম্ভ কৰা এই গণনা কার্যসূচী মতে ২০২৫ চনত দীপৰ বিলত পক্ষীৰ সংখ্যা আছিল ১৭,৬২৩টা৷
কিন্তু দীপৰ বিলত এবছৰৰ পিছত এই পক্ষীৰ সংখ্যা ১৭,৭০০লৈ বৃদ্ধি পাইছে৷ তেওঁ কয় যে দীপৰ বিলত সমূহীয়া মাছ ধৰাক কেন্দ্র কৰি একাংশই পক্ষীৰ সংখ্যা হ্রাস পোৱা বুলি কয় যদিও প্রকৃততে পক্ষীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে৷
মহানগৰ বার্তা, ২ ফেব্রুৱাৰী