নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকক সবলীকৰণৰ লক্ষ্যৰে ধুবুৰীত দুদিনীয়া কৃষক মেলাৰ আয়োজন

ধুবুৰী জিলা কৃষি কাৰ্যালয়ে কৃষি প্ৰসাৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি এগ্ৰিকালচাৰ টেকন’লজী মেনেজমেণ্ট এজেন্সী (CSS-ATMA)ৰ অধীনত আজিৰ পৰা দুদিনীয়া কৃষক মেলাৰ আয়োজন কৰিছে। ধুবুৰীস্থ জিলা কৃষি কাৰ্যালয় চৌহদত আজি এই মেলাখন উদ্বোধন কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধূৰ্বজ্যোতি দাস আৰু ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত (কৃষি) ৰিপনজ্যোতি নাথে।

মেলাখনত চৰকাৰী বিষয়া, বিজ্ঞানী, কৃষি উদ্যোগী, কৃষক উৎপাদক সংগঠন-কোম্পানী (FPO/FPC), প্ৰগতিশীল কৃষক আৰু বিভিন্ন ক্ষেত্ৰৰ অংশগ্ৰহণকাৰীৰ এক উল্লেখযোগ্য সমাগম দেখা যায়।

উল্লেখ্য যে কৃষি উন্নয়ন ত্বৰান্বিত কৰা আৰু কৃষকসকলৰ কল্যাণ নিশ্চিত কৰাই এই মেলাখনৰ মূল উদ্দেশ্য। বন্তি প্ৰজ্বলন আৰু ফিতা কটাৰ মাধ্যমেৰে আজিৰ সেই মেলাখনৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়। মেলাখন উদ্বোধনৰ সৈতে অনুষ্ঠিত উদ্বোধনী সভাখনত জিলা কৃষি বিষয়া আজিম আহমেদে সকলো অংশগ্ৰহণকাৰীক আদৰণি জনায়। উল্লেখ্য যে মেলাখনত ২০খন বিপণীৰ যোগেদি চৰকাৰী বিভাগ, কৃষিভিত্তিক উদ্যোগ, FPO-FPC, প্ৰযুক্তি আৰু সঁজুলি প্ৰদানকাৰী সংস্থা, নাৰ্চাৰী, উদ্যোগ আৰু প্ৰগতিশীল কৃষকসকলে নিজৰ সামগ্ৰী আৰু প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা লোৱা হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২ ফেব্ৰুৱাৰী :

You might also like