“এখন গ্ৰন্থতকৈ এখন স্মৃতিগ্ৰন্থৰ গুৰুত্ব বহুত বেছি। এখন গ্ৰন্থত নিৰ্দিষ্ট এটা বিষয়ত এজন লেখকৰ চিন্তাৰহে আভাস পাব পাৰি; কিন্তু এখন স্মৃতিগ্ৰন্থৰ জৰিয়তে বহু লেখকে লিখা বিভিন্ন চিন্তা-দৰ্শনসমৃদ্ধ জ্ঞানৰ সৈতে পৰিচয় পাব পাৰি।”- এই মন্তব্য শিক্ষাবিদ ড০ কেশৱ হাজৰিকাৰ।
ঢকুৱাখনাৰ কেমেৰা পুখুৰী মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা মহাপুৰুষীয়া সত্ৰ সমাজ, অসমৰ ৩৯সংখ্যক ৰাজ্যিক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা অৱসৰী অধ্যাপিকা জয়শ্ৰী গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “দেৱ দুন্দুভি” উন্মোচন কৰি শিক্ষাবিদ তথা চিন্তাশীল লেখক ড০ হাজৰিকাই আৰু কয় যে “ডাঙৰ ডাঙৰ লেখকৰ গ্ৰন্থত বা ইন্টাৰনেটত বিচাৰি নোপোৱা বহু তথ্য বিভিন্ন উপলক্ষ লৈ প্ৰকাশিত স্মৃতিগ্ৰন্থবোৰৰ পাতত পোৱা যায়।” তদুপৰি তেওঁ স্মৃতিগ্ৰন্থত লিখা-মেলা কৰা লেখকসকলক লিখা-মেলা কৰোঁতে তথ্যৰ শুদ্ধতাত গুৰুত্ব দিবলৈও আহ্বান জনায়। এই অনুষ্ঠানৰ পূৰ্বে পুৱা ১০.৩০ বজাত মহাপুৰুষীয়া সত্ৰ সমাজ, অসমৰ ৩৯সংখ্যক ৰাজ্যিক বাৰ্ষিক অধিৱেশনৰ ধৰ্মীয় পতাকা উত্তোলন কৰা হয়।
অসমৰ ২১ জিলা শাখাৰ পৰা অহা সহস্ৰ আই-বাপৰ উপস্থিতিত উৰুলি, শংখ, দবা, কাঁহৰ মংগলধ্বনিৰ মাজেৰে এক ভক্তিময় পৰিৱেশত পতাকা উত্তোলন কৰে মহাপুৰুষীয়া সত্ৰ সমাজ, অসমৰ সভাপতি মনহৰি ৰাজবংশীয়ে। এই ধৰ্মীয় পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকে মহাপুৰুষীয়া সত্ৰ সমাজ, অসমৰ প্ৰধান সম্পাদক জীৱন চন্দ্ৰ বৰা, মুখ্য প্ৰচাৰ সম্পাদক বিমান বৰাকে প্ৰমুখ্য কৰি বহুকেইজন ৰাজ্যিক সমিতিৰ বাপ-বৈষ্ণৱ। পতাকা উত্তোলনৰ পিছতেই বৈষ্ণৱ ৰহীন্দ্ৰ দত্তৰ সম্পাদনাত প্ৰকাশ হোৱা মহাপুৰুষীয়া সত্ৰ সমাজ, অসমৰ মুখপত্ৰ “মহপুৰুষীয়া দৰ্পণ” উন্মোচন কৰা হয়। বিয়লিলৈ আই-মাতৃ সমাৰোহ আৰু যুৱ সমাৰোহ আয়োজন কৰা হয়।
উল্লেখ্য যে কালিৰে পৰা তিনিদিনীয়াকৈ ঢকুৱাখনাত অনুষ্ঠিত হৈ আছে মহাপুৰুষীয়া সত্ৰ সমাজ, অসমৰ ৩৯সংখ্যক ৰাজ্যিক অধিৱেশন। ঢকুৱাখনা কেমেৰা পুখুৰী মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অধিৱেশনৰ অন্তিম দিনাৰ মুকলি সভাত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাকে প্ৰমুখ্য কৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে বহুকেইজন ধৰ্মপ্ৰাণ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।