সম্পাদকীয় : ৰীলছৰ যুগত আমাৰ সংস্কৃতি
প্রযুক্তিয়ে সংযোগ কৰি থকা উপাদানবোৰে সংস্কৃতিৰ চৰিত্রৰ বিভিন্ন দিশ সলনি কৰাত সহায় কৰে৷ এটা সময় আছিল যেতিয়া চিনেমা চাবলৈ মানুহে সময় ডলিয়াহছিল, সংগীত শুনিবলৈ নিস্তব্ধতা বিচাৰিছিল আৰু সাহিত্য পঠনৰ বাবে নীৰৱতা বিচাৰি লৈছিল৷
সময়ৰ পৰিৱর্তনত এতিয়া এই অভ্যাসত নতুন বস্তু সংযোজিত হৈছে৷ সেহবোৰৰ ঠাহ ধীৰে ধীৰে দখল কৰিছে ৰীলছ নামেৰে জনাজাত মাত্র ত্রিশবা ষাঠী ছেকেণ্ডৰ ক্ষুদ্র ভিডিঅ’ই৷ এই চুটি ভিডিঅ’বোৰে মানুহৰ মনোযোগ, ৰুচি আৰু সাংস্কৃতিক বোধক নতুনকৈ গঢ় দিবলৈ আৰম্ভ কৰিছে৷
এই পৰিৱর্তন কেৱল প্রযুক্তিগত নহয়, ই এক সাংস্কৃতিক পৰিৱর্তনৰ কথাও সূচায়৷ অসম বা ভাৰতৰ দৰে সমাজত শিল্প অকল বিনোদনৰ আহিলা নহয়, ই সামাজিক স্মৃতি আৰু মানৱিক অভিজ্ঞতাৰো বাহক৷ ৰীলছৰ ব্যাপক প্রচাৰে এক গুৰুত্বপূর্ণ প্রশ্ন উত্থাপন কৰিছে– আমি শিল্পক কিমান সময় দিবলৈ ইচ্ছা কৰিছো৷
ৰীলছ জনপ্রিয় হোৱাৰ মূল কাৰণ হ’ল ই দ্রুত, সহজবোধ্য আৰু ই মুহূর্ততে দর্শকৰ মনোযোগ আকর্ষণ কৰে৷ অতি কম সময়তে বিনোদন, তথ্য আৰু অনুভৱ দিব পৰা কাৰণে বর্তমানৰ ব্যস্ত জীৱনত ৰীলছবোৰ মানুহৰ অভ্যাসৰ এটি অংশ হৈ পৰিছে৷ ম’বাইল ফোন আৰু ইণ্টাৰনেটৰ সহজ উপলব্ধতাই ইয়াৰ জনপ্রিয়তা বৃদ্ধিত সহায় কৰিছে৷
ৰীলছে দর্শকৰ মনোযোগৰ ওপৰত গুৰুত্বপূর্ণ প্রভাৱ পেলায়৷ একেৰাহে দ্রুত ভিডিঅ’ চোৱাৰ ফলত মগজুৱে তাৎক্ষণিক উত্তেজনা বিচাৰে আৰু হয়াৰ ফলত দীঘল সময় মনোযোগ ধৰি ৰখা কঠিন হৈ পৰে৷ ব্যস্ত জীৱনত দীঘলীয়া সময়ৰ বাবে পঢ়া, নাটক–চিনেমা চোৱা বা গভীৰ চিন্তা কৰাটো লাহে লাহে কষ্টকৰ যেন অনুভৱ হ’বলৈ ধৰে আৰু ৰীলছে ইয়াক অধিক উৎসাহ যোগায়৷
সকলো নাটক বা চিনেমা বা সাহিত্যই দ্রুত গতিৰ হ’ব নোৱাৰে, উপভোগৰ সমান্তৰালভাৱে চিন্তাৰ প্রশ্নও আহে৷ এইখিনিতে প্রশ্নৰ উদয় হয়– সকলো সময়তে ৰীলছৰ দ্রুত গতিৰ লগত ফেৰ মাৰি নাটক–চিনেমাৰ গতি নির্ধাৰণ কৰা হ’ব নেকি? সমস্যাটো নাটক–চিনেমাৰ নে আমাৰ ধৈর্যৰ?
আজিৰ বহু অসমীয়া গীতে ৰীলছৰ জৰিয়তে পৰিচিত হৈছে, কিন্তু সেই গীতবোৰৰ আয়ুস কিমান? ত্রিশ ছেকেণ্ডৰ এটা অংশ জনপ্রিয় হ’লেও, গীতটোৱে সম্পূর্ণৰূপে শ্রোতাৰ হৃদয়ৰ ওচৰ পোৱা বা নোপোৱাটো সন্দেহৰ আৱর্তত ৰৈ যায়৷ শিল্পীৰ সৃষ্টিশীলতা লাহে লাহে এলগ’ৰিডমৰ দাস হৈ উঠিছে৷
সাহিত্যই হয়তো এই পৰিৱর্তনৰ আটাহতকৈ নীৰৱ ভুক্তভোগী৷ উপন্যাস পঢ়িবলৈ সময় লাগে, প্রবন্ধ বুজিবলৈ মনোযোগ লাগে, কবিতা অনুভৱ কৰিবলৈ নিস্তব্ধতা লাগে৷ কিন্তু ৰীলছৰ যুগত সাহিত্য উদ্ধৃতিলৈ সংকুচিত হৈছে৷ এটা বাক্য, এটা পংক্তি, এটা ‘ভাইৰেল লাইন’ –ইয়েই সাহিত্যক পৰিচয় দিব পৰা অৱস্থা এটা আহি পৰিছে৷
বহু যুৱ লেখকে এতিয়া লেখক হোৱাৰ আগতেই কেমেৰাৰ সন্মুখত কথা ক’বলৈ শিকিব লগা হোৱা বুলি অনুভৱ কৰে৷ সাহিত্যৰ নিস্তব্ধ সাধনা এক প্রদর্শনমুখী অভ্যাসত পৰিণত হোৱাৰ আশংকা স্পষ্ট হৈ পৰিছে৷ এই সকলো সমালোচনাৰ মাজতো এটা সত্য অস্বীকাৰ কৰিব নোৱাৰি– ৰীলছে বহু নতুন দর্শক, শ্রোতা আৰু পাঠকৰ সৃষ্টি কৰিছে৷ বহু যুৱকে প্রথমবাৰৰ বাবে অসমীয়া চিনেমা বা সাহিত্যৰ নাম শুনিছে এই মাধ্যমৰ জৰিয়তেই৷
সমস্যা মাধ্যমটো নহয়, সমস্যাটো আমাৰ মানসিক শক্তিৰ৷ ৰীলছ আমাৰ সময়ৰ বাস্তৱতা৷ কিন্তু বাস্তৱতাকেই সংস্কৃতিৰ একমাত্র মান হ’বলৈ দিলে শিল্প হেৰাই যাব৷ চিনেমা চাবলৈ সময় উলিয়াব লাগিব, সংগীত শুনিবলৈ মন দিব লাগিব, সাহিত্য পঢ়িবলৈ নিস্তব্ধতা বাছি ল’ব লাগিব৷ ৰীলছে শিল্পক প্রসাৰিত কৰিব পাৰে, কিন্তু শিল্পৰ আত্মা ৰক্ষা কৰিব নোৱাৰে৷ সেই দায়িত্ব দর্শক, শ্রোতা আৰু পাঠক সকলোৰে৷
এই দায়িত্ব কেৱল ব্যক্তি পর্যায়ত সীমাবদ্ধ নহয়, এই দায়িত্ব সমাজৰ সকলো অংশীদাৰৰ মাজত সমানভাৱে বিতৰণ হোৱা উচিত৷ বিশেষকৈ নীতি নির্ধাৰক সংগঠন আৰু সাংস্কৃতিক প্রতিষ্ঠানসমূহে এই দিশত আগভাগ ল’ব লাগিব৷ চৰকাৰ আৰু সংশ্লিষ্ট বিভাগসমূহে ডিজিটেল প্রচাৰকে একমাত্র সাংস্কৃতিক নীতি হিচাপে ধৰি নলৈ, ধীৰ গতিৰ গভীৰ শিল্পকো সক্রিয় সমর্থন আগবঢ়াব লাগিব৷
সাংস্কৃতিক সংগঠনসমূহে কেৱল অনুষ্ঠান আয়োজনতেই সীমাবদ্ধ নাথাকি, ধীৰ শিল্পৰ বাবে নিয়মিত আলোচনা, স্ক্রিনিং, পাঠচক্র আৰু সংগীত শুনা সভাৰ দৰে উদ্যোগ ল’ব লাগিব৷ সাহিত্য মানে কেৱল পুৰস্কাৰ নহয় –পাঠক সৃষ্টি কৰাটোও এটা সাংস্কৃতিক দায়িত্ব৷
সংগীত মানে কেৱল মঞ্চ প্রদর্শন নহয় –শ্রৱণ সংস্কৃতি গঢ়ি তোলাটোও প্রয়োজনীয়৷ বিদ্যালয় আৰু মহাবিদ্যালয় পর্যায়ত চিনেমা, সংগীত আৰু সাহিত্যক কেৱল পাঠ্য বিষয় নহয়, অভিজ্ঞতা হিচাপেও অন্তর্ভুক্ত কৰিব লাগে৷ সংস্কৃতিৰ পৰিৱর্তন হয় প্রায় অদৃশ্য ৰূপত৷ সংস্কৃতি চর্চাৰ আগৰণুৱাসকলেই এই পৰিৱর্তনক সঠিক পথেৰে আগবঢ়াই নিব লাগিব৷