ডিজিটেল ডেস্ক, ৮ ফেব্রুৱাৰী : শৰবিদ্ধ আকাশত বিশাদ বসন্তৰ সৃষ্টি কৰি জীৱন নাটৰ পৰা মেলানি মাগিলে ৰফিকুল হোছেইনে৷ অসমৰ নাট্যজগতৰ অপেছাদাৰী মঞ্চ–ব্যতিক্রমী কাব্য–সাহিত্যৰ সৃষ্টিকর্তাগৰাকীয়ে কালি নিশা ১০.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷
বোকাখাতৰ পৰা ৰাজ্যৰ নাট্যজগতত আলোড়ন সৃষ্টি কৰা এই ব্যক্তিসত্তাগৰাকীৰ বিয়োগৰ খবৰ নিশা বিয়পি পৰাৰ লগে লগে সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে জীৱনটো একমাত্র নাট্য চর্চা আৰু সাহিত্য সৃষ্টিৰ বাবে উৎসর্গা কৰা চিৰকুমাৰ হোছেইনে শেহতীয়াকৈ মৰিগাঁৱত আয়োজিত নাট্য মহোৎসৱত অংশগ্রহণ কৰিবলৈ অহাৰ সময়তে ৩১ জানুৱাৰীত হূদৰোগত আক্রান্ত হৈছিল৷ বাহৰ পতা হোটেলখনৰ স্নানাগাৰত অচেতন অৱস্থাত পৰি থকাত তেওঁক একাংশ অনুৰাগীয়ে উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে যোৱা ১ ফেব্রুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰায়৷ তেতিয়াৰে পৰা নাট্যযোদ্ধা–সাহিত্যসেৱক হোছেইনক চিকিৎসকে সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত সেয়া নিষ্ফল হ’ল৷
প্রয়াত হুছেইনে ইহজগতত নিজৰ নাট্য–সাহিত্য কর্মৰে ৰাখি থৈ গৈছে বিপুল প্রতিভাৰ স্বাক্ষৰ৷ তেওঁ ৰচনা কৰা কাব্যগ্রন্থ ‘শৰবিদ্ধ আকাশ’–এ এসময়ত খলকনিৰ সৃষ্টি কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ ইখনৰ পিছত সিখনকৈ ৰচনা কৰি যায় কবিতাপুথি৷ ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি ‘চাকিৰ চাংঘৰ’ৰ কথা৷ সমান্তৰালভাৱে নাট্য চর্চাতো অসামান্য প্রতিভাসম্পন্ন হোছেইনে ৰচনা কৰিছিল কেইবাখনো যুগান্তকাৰী অপেছাদাৰী নাটক৷ এইক্ষেত্রত বিশেষভাৱে উল্লেখ কৰিব পাৰি– ‘জলাশয়’, ‘দৈৱকী’, ‘ধোঁৱা’, ‘পুতলাৰ নাচ’ আদি৷ জানিব পৰা মতে, আজি হোছেইনৰ নশ্বৰদেহ জন্মস্থান বোকাখাতলৈ লৈ যোৱা হ’ব৷ তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ কথা৷