নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দললৈ ৭.৫ কোটিৰ নগদ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : শুকুৰবাৰে ইংলেণ্ডক ফাইনেলত পৰাস্ত কৰি ১৯ অনূর্ধ্ব এদিনীয়া বিশ্বকাপত চেম্পিয়নৰ সন্মান লাভ কৰা ভাৰতীয় ক্রিকেট দলটোক ৭.৫ কোটি টকাৰ পুৰস্কাৰ প্রদানৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷

বিচিচিআইৰ সম্পাদক দেৱজিৎ শহকীয়াই ঘোষণা কৰে যে ব’র্ডে দলটোক ৭.৫ কোটি টকাৰ নগদ পুৰস্কাৰ প্রদান কৰিব৷ এক সাক্ষাৎকাৰত শইকীয়াই কয় যে গোটেই দেশ আৰু বিচিচিআয়ে আমাৰ ১৯ বছৰ অনূর্ধ্ব দলটোক লৈ গৌৰৱ অনুভৱ কৰিছে৷ আমাৰ দলটোৱে ফাইনেলত ইংলেণ্ডক যিদৰে পৰাস্ত কৰিছিল আৰু প্রতিযোগিতাখনত তেওঁলোকে যেনেদৰে অপৰাজিত হৈ থাকিল, আমি সকলো গৌৰৱান্বিত৷ বিচিচিআয়ে দলটোক ৭.৫ কোটি টকাৰ নগদ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব৷

জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত আইচিচি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক ১০০ ৰানত পৰাস্ত কৰি ভাৰতে ষষ্ঠবাৰৰ বাবে চেম্পিয়নৰ সন্মান অর্জন কৰে৷ ইয়াৰ পূর্বে ভাৰতে ২০০০, ২০০৮, ২০১২, ২০১৮, আৰু ২০২২ চনত প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷

You might also like