নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰ ভকতগাঁৱৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ নৱনিৰ্মিত বাটচ’ৰা মুকলি

শোণিতপুৰৰ চাৰিদুৱাৰৰ ভকতগাঁওস্থিত তিনিশ বছৰ গৰকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট শাখা সত্ৰৰ নৱনিৰ্মিত বাটচ’ৰাখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। সত্ৰখনৰ বাটচ’ৰাখন নিজা খৰচেৰে নিৰ্মাণ কৰি দিছে ভকতগাঁৱৰ বাসিন্দা প্ৰতাপ বৰাৰ জ্যেষ্ঠ পুত্ৰ, ভাৰতীয় সেনা বাহিনীৰ সদ্য অৱসৰপ্ৰাপ্ত সৈনিক ৰঞ্জিৎ বৰাই । নগাঁৱৰ কনক ভূঞা আৰু তেওঁৰ সহযোগীসকলে সৰ্বাংগসুন্দৰকৈ পাগুৰি আকাৰত বাটচ’ৰাখন নিৰ্মাণ কৰিছে ।

আজি ৰাইজ, আই-মাতৃৰ লগতে বৃহত্তৰ বালিপৰা-চাৰিদুৱাৰ অঞ্চলৰ সহস্ৰাধিক গণ্যমান্য ব্যক্তিৰ অংশগ্ৰহণেৰে খোল-বাদ্য, শংখ, বৰকাঁহ, মংগলধ্বনিৰ মাজত বাটচ’ৰাখন শুভ উদ্বোধন কৰে প্ৰতাপ বৰাই। অনুষ্ঠানভাগত বালিপৰা উন্নয়ন কমিটীৰ সভাপতি প্ৰেম মেধি, বালিপৰা-চাৰিদুৱাৰ মৌজা উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক তথা মৌজাদাৰ উৎপল দাস, সমাজসেৱক ৰঞ্জন দাস, শিক্ষক-সমাজসেৱক দুলেন কোচ, সমাজসেৱক দীপক শইকীয়া, ভকতগাঁৱৰ শ্ৰী শ্ৰী দক্ষিণপাট শাখা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক মিনাৰাম বৰা আৰু সম্পাদক যুগল বৰা, ভকতগাঁও উন্নয়ন সমিতিৰ সভাপতি সুনীল বৰা, সম্পাদক মৃদুল বৰা, অসম চৰকাৰৰ যুৱ লেখক সন্মানপ্ৰাপ্ত যুৱ লেখক প্ৰাঞ্জল প্ৰতিম বৰা, বাটচ’ৰাখনৰ দাতা ৰঞ্জিৎ বৰা, দাতাৰ মাতৃ ৰীণা বৰা, দাতাৰ পুত্ৰ প্ৰীতম বৰাৰ লগতে পৰিয়ালবৰ্গৰ লোক, ভালেমান বিশিষ্ট ব্যক্তি, ভকতগাঁও মহিলা সমিতিৰ সভানেত্ৰী বন্তি শইকীয়াৰ লগতে আই-মাতৃসকল উপস্থিত থাকে ।

নিয়মীয়া বাৰ্তা, বালিপৰা, ৮ ফেব্ৰুৱাৰী :

You might also like