শত্রু দেশৰ ছেটেলাইটত চকু ৰখাৰ কৌশল ভাৰতৰ, মহাকাশত শক্তি বৃদ্ধি ভাৰতৰ
নিউজ ডেস্ক, ৯ ফেব্রুৱাৰী : মহাকাশত শক্তি বৃদ্ধি কৰিলে ভাৰতে৷ পিছে এইক্ষেত্রত চৰকাৰী মহাকাশ গৱেষণা সংস্থা ইছৰো নহয়, আহমেদাবাদৰ এটা বেচৰকাৰী সংস্থাৰ জৰিয়তেহে আহিল এই সাফল্য৷ পৃথিৱীৰ বাহিৰৰ কক্ষপথত থাকিয়েই আন ছেটেলাইট অর্থাৎ কৃত্রিম উপগ্রহত নিয়ন্ত্রণ ৰখাৰ কৌশল আয়ত্ত কৰিছে সংস্থাটোৰ বিষয়াসকলে৷
সম্প্রতি তাৰ সফল পৰীক্ষাও সম্পন্ন কৰা হৈছে৷ আগন্তুক দিনত শত্রু দেশৰ যিকোনো কৃত্রিম উপগ্রহৰ খা–খবৰ ইয়াৰ মাধ্যমেৰে সহজেই পোৱা যাব বুলি দাবী কৰিছে সংস্থাটোৰ বিষয়াসকলে৷ ইয়াৰ লগতে এবিধ বিশেষ প্রযুক্তি কামত লগোৱা হ’ব বেলিষ্টিক ক্ষেপণাস্ত্র চিহ্ণিত কৰাৰ বাবে৷ পৃথিৱীৰ বাহিৰৰ কোনো কক্ষপথত থাকি আন উপগ্রহত চকু ৰখা বা তাৰ ছবি তোলাৰ কৌশলকে মহাকাশ বিজ্ঞানৰ পৰিভাষাত ‘ইন অর্বিট স্নুপিং’ বুলি কোৱা হয়৷
আহমেদাবাদৰ আজিস্তা ইণ্ড্রাষ্টিজ প্রাইভেট লিমিটেডে তেওঁলোকৰ কৃত্রিম উপগ্রহ এএফআৰক কামত লগাই সম্প্রতি আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্রৰ (আইএছএছ) একাধিক ছবি তুলিছে৷ ব্যৱহাৰ কৰা হৈছে সম্পূর্ণ দেশীয় প্রযুক্তিত নির্মিত কৌশল, যাক বেচৰকাৰী উদ্যোগত ভাৰতত এয়েই প্রথম নির্মাণ কৰা হৈছে৷ ইয়াৰ ফলত মহাকাশত ভাৰতৰ স–শক্তি বহুলাংশে বৃদ্ধি পাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলৰ একাংশই৷
আজিস্তাৰ এএফআৰ কৃত্রিম উপগ্রহটো মহাকাশৰ পৰা পৃথিৱীক পর্যবেক্ষণৰ কামত ব্যৱহাৰ কৰা হয়৷ ৮০ কিলোগ্রাম ওজনৰ উক্ত কৃত্রিম উপগ্রহটোত বিশেষ প্রযুক্তি কামত লগাইছে সংস্থাটোৰ কর্তৃপক্ষই৷ বর্তমান পৰিস্থিতিত বিভিন্ন দেশৰ মাজত পাৰস্পৰিক সম্পর্কৰ ভিত্তিত মহাকাশৰ গুৰুত্ব বৃদ্ধি পাব লাগিছে৷ ফলত এই বিশেষ কৌশল ভাৰতৰ কামত আহিব৷ ভাৰতৰ দিশে আগুৱাই অহা শত্রু দেশৰ শক্তিশালী ক্ষেপণাস্ত্রও আগৰে পৰাই চিহ্ণিত কৰিব পাৰিব এই অত্যাধুনিক প্রযুক্তিয়ে৷ সংস্থাৰ মেনেজিং ডাইৰেক্টৰ শ্রীনিৱাস ৰেড্ডীয়ে জনায় যে সম্পূর্ণ দেশীয় প্রযুক্তি ব্যৱহাৰ কৰি নন আর্থ ইমেজিং এক বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে৷ কক্ষপথৰ কোনো বস্তুৰ নির্দিষ্ট ট্রেকিং অথবা বৈশিষ্ট্য নির্ধাৰণৰ ক্ষমতাক নিশ্চিত কৰে এই প্রযুক্তিয়ে৷