নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শূন্য শুল্কত মার্কিন যুক্তৰাষ্ট্রলৈ ৰপ্তানি হ’ব চাহ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত হোৱা শেহতীয়া অন্তর্ৱর্তীকালীন বাণিজ্যিক চুক্তিৰ ফলত ভাৰতত উৎপাদিত কেইবাবিধো সামগ্রীৰ ওপৰত পূর্বতে থকা ৰপ্তানি শুল্ক আঁতৰাই শুল্কবিহীন কৰি তোলা হৈছে৷ এইক্ষেত্রত আমেৰিকাই ভাৰতৰ চাহৰ আমদানিত শুল্ক প্রত্যাহাৰ কৰিছে৷ ফলত ভাৰতৰ পৰা আমেৰিকাৰ বজাৰলৈ চাহ ৰপ্তানি কৰাৰ ক্ষেত্রতো শূন্য শুল্ক নীতি প্রয়োগ হ’ব৷

এই ঐতিহাসিক বাণিজ্যিক চুক্তিৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্রীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে নর্থ–ইষ্টার্ন টী এছ’চিয়েচন, চমুকৈ নেটাই৷

এক প্রেছ বিজ্ঞপ্তিযোগে নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে জনায় যে বিগত সময়ছোৱাত ভাৰতৰ চাহৰ ক্ষেত্রত আমদানি, ৰপ্তানি শুল্ক নাছিল যদিও বিগত কেইমাহমানৰ পৰা মার্কিন যুক্তৰাষ্ট্রই ভাৰতৰ চাহত ৰপ্তানি শুল্ক ২৫ শতাংশ আৰোপ কৰি পৰৱর্তী সময়ত অতিৰিক্ত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰে৷ ফলত মুঠ ৫০ শতাংশ শুল্ক দিবলগীয়া হৈছিল চাহ ৰপ্তানিৰ বাবে৷

কিন্তু শেহতীয়াকৈ দুয়োখন ৰাষ্ট্রৰ মাজত হোৱা অন্তর্ৱর্তীকালীন বাণিজ্যিক চুক্তিয়ে পুনৰ চাহক শুল্কবিহীন কৰি তুলিলে৷ বৰকাকতিয়ে লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্র হ’ল ভাৰতীয় চাহৰ এখন অন্যতম গুৰুত্বপূর্ণ বজাৰ, য’ত ভাৰতৰ চাহৰ চাহিদা যথেষ্ট বেছি৷ ভাৰতে ইয়াৰ উৎপাদিত চাহ মুঠ ২৫খন দেশলৈ ৰপ্তানি কৰে৷ সংযুক্ত আৰব ৰাষ্ট্র, ইৰাক, ইৰান, জার্মানী, চীন, ইংলেণ্ড আদি হৈছে ভাৰতৰ চাহ আমদানি কৰা কেইখনমান উল্লেখযোগ্য ৰাষ্ট্র৷

২০২৪ বর্ষটোত ভাৰতে মুঠ ২৫৬.১৭ মিলিয়ন কিলোগ্রাম চাহপাত ৰপ্তানি কৰিছিল, যাৰ ভিতৰত ১৭.১৪ মিলিয়ন কিলোগ্রাম কেৱল আমেৰিকা যুক্তৰাষ্ট্রৰ বজাৰলৈ গৈছিল অর্থাৎ মুঠ ৰপ্তানিকৃত চাহৰ ৭ শতাংশ কেৱল আমেৰিকা যুক্তৰাষ্ট্রৰ বজাৰলৈ যোৱা৷ ভাৰতীয় চাহ ব’ডৰ শেহতীয়া তথ্য মতে, ২০২৫ বর্ষটোত ভাৰতৰ পৰা ৰপ্তানি হোৱা চাহৰ পৰিমাণ ২৮০.৪০ মিলিয়ন কিলোগ্রাম যি মুঠ উৎপাদনৰ ২০ শতাংশ৷

ভাৰতবর্ষৰ মুঠ চাহ উৎপাদনৰ ৮০ শতাংশ দেশৰ ভিতৰতে ব্যৱহাৰ হয়, কিয়নো ভাৰতবর্ষত চাহ সেৱনকাৰী লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি বিবৃতিটোত উল্লেখ কৰিছে নেটাৰ উপদেষ্টাজনে৷

ডিজিটেল ডেস্ক, ৯ ফেব্ৰুৱাৰী

You might also like