নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ দুৰ্ঘটনাত গৰ্ভৱতী মহিলাৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩

আগমনিৰ হালাকুৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱাইছে এগৰাকী ৮ মহীয়া গৰ্ভৱতী মহিলা।

প্ৰাপ্ত খবৰ অনুসৰি, নিহত মহিলাগৰাকী লিজা তিয়ৰ বুলি চিনাক্ত কৰা হৈছে। এই দুৰ্ঘটনাত বাহনখনৰ চালকসহ আন দুগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহতসকলৰ নাম শুভজিত সাহা, অঞ্জলি মাঝি আৰু দিলীপ বিন বুলি জানিব পৰা গৈছে। তিনিওকে ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে দুৰ্ঘটনাত পতিত সকলোৰে ঘৰ ধুবুৰীৰ পালপাৰা অঞ্চলৰ। তেওঁলোকে ধুবুৰীৰ পৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আলিপুৰদুৱাৰ ৰেল ষ্টেচনলৈ গৈ আছিল। তাৰ পৰা ৰে’লেৰে পাটনালৈ যোৱাৰ কথা আছিল নিহত গৰ্ভৱতী মহিলাগৰাকীৰ, য’ত তেওঁ মোমায়েকৰ ঘৰলৈ যাবলৈ ওলাইছিল।

এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা বাহনখনৰ নম্বৰ AS 01 BD 4131 আৰু ট্ৰাকখনৰ নম্বৰ WB 57 D 9983 বুলি আৰক্ষী সূত্রে জনোৱা হৈছে। দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায়।

দুৰ্ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী

You might also like