বি টি এ ডিৰ সদৰ কোকৰাঝাৰ গ্ৰীন ফিল্ডৰ উপৰি পৰিষদীয় অঞ্চলৰ অন্তৰ্গত প্ৰতিখন জিলা সদৰ, মহকুমা সদৰতো ২৪সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হয়। বড়োলেণ্ড দিৱস উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰি দিৱসটি পালন কৰা হয়।
পুৱা পতাকা উত্তোলন, বড়ো আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু মৌন প্ৰাৰ্থনা কৰাৰ লগতে শ্বহীদ পৰিয়ালৰ সদস্যসকলক উষ্ম সম্বৰ্ধনা জনোৱা হয়। বিয়লিৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত বড়ো, ৰাজবংশী, আদিবাসী, বেংগলীকে আদি কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ শিল্পীসকলে নৃত্য-গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
উল্লেখযোগ্য যে কাজলগাঁৱৰ মুকলি সভাৰ মঞ্চতে বি টি এ ডিৰ সদৰ কোকৰাঝাৰৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ ভাষণ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বি টি এ ডিত ক্ষুদ্ৰ উদ্যোগ অথবা ব্যৱসায় কৰিব বিচৰা যুৱক-যুৱতীসকলক হাগ্ৰামা মহিলাৰীয়ে আগবঢ়োৱা দুই লাখ টকাৰ অনুদানৰ উপৰি তেওঁৰ ফালৰ পৰাও অতিৰিক্ত দুই লাখ টকা আগবঢ়াব বুলি উল্লেখ কৰে ।
আনহাতে চিকিৎসা সেৱা লাভ কৰাৰ উদ্দেশ্যে চেন্নাইত বি টি চি গেষ্ট হাউছ নিৰ্মাণ, গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰাৰ জৰিয়তে যিদৰে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে সেয়া বিশ্বত বিৰল বুলি পুনৰ উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ ভাষণে উপস্থিত সকলোকে আপ্লুত কৰে ।
কাজলগাঁৱৰ অনুষ্ঠানত বিটিচিৰ বন আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, কৰ্মেশ্বৰ ৰায়, জেমছ বসুমতাৰী, বি পি এফ দলৰ উপ-সভাপতি শুদ্ধ বসুমতাৰীকে আদি কৰি অন্যান্য বহু নেতা-কৰ্মী আৰু সমৰ্থকসকল উপস্থিত থাকে।