কাৰ্বি আংলঙত ছগৰাকীক বিদেশী ঘোষণা, বহিষ্কাৰৰ নিৰ্দেশ জাৰি
কাৰ্বি আংলং জিলাৰ ছয়গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰিছে ডিফুৰ বিদেশী ন্যায়াধিকৰণে। ন্যায়াধিকৰণৰ এই ৰায়ৰ পাছতে জিলা প্ৰশাসনে তেওঁলোকক অসম তথা দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত মোঃ আমিৰ হুছেইন, মোঃ তাজউদ্দিন, মোঃ খুৰশেদ আলীক বিদেশী ঘোষণা। সেইদৰে মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত মোঃ ফাইজুল হক আৰু মোঃ ৰফিকুল আলী আৰু বোকাজান থানাৰ অন্তৰ্গত মোঃ ফকৰউদ্দিনক বিদেশী বুলি ঘোষণা বিদেশী ন্যায়াধীকৰণৰ।
বিদেশী ন্যায়াধিকৰণৰ ৰায় অনুসৰি এই ছয়গৰাকী লোকক বহিষ্কাৰৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জিলাখনত বিদেশী বুলি ঘোষণা কৰা আন চাৰিজন লোকক বহিষ্কাৰৰ নিৰ্দেশ দিয়া হৈছিল।
এই ঘটনাই জিলাখনত পুনৰ বিদেশী বিষয়ক প্ৰশ্নক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ১১ ফেব্ৰুৱাৰী