নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী মেডিকেল কলেজ হাস্পতালত ৰোগীৰ ৰহস্যজনক মৃত্যু

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক ৰহস্যজনক ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। চিকিৎসালয়খনৰ চতুৰ্থ মহলাৰ বাৰাণ্ডাত এজন ৰোগীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মৃত ৰোগীগৰাকীৰ নাম কেশৱ মালাকাৰ বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ নলবাৰী জিলাৰ পুষ্পকপুৰত।

উল্লেখ্য যে কেশৱ মালাকাৰ চিকিৎসালয়খনৰ ষষ্ঠ মহলাত অৱস্থিত আইচিইউত চিকিৎসাধীন অৱস্থাত আছিল। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে যোৱা ৮ ফেব্ৰুৱাৰীত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি চিকিৎসালয় সূত্ৰে জানিব পৰা গৈছে।

কিন্তু আইচিইউত চিকিৎসাধীন ৰোগী এজন কেনেদৰে চতুৰ্থ মহলাৰ বাৰাণ্ডালৈ আহিল আৰু তাতেই কেনেকৈ তেওঁৰ মৃত্যু ঘটিল, সেই সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছে। ঘটনাক লৈ ৰোগীৰ আত্মীয়-স্বজন আৰু স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।

ইফালে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত্যুৰ সঠিক কাৰণ জানিবলৈ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

ডিজিটেল ডেস্ক, ১১ ফেব্ৰুৱাৰী

You might also like