মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰক লৈ বিশেষ নিৰ্দেশনা… গৌৰৱ গগৈসহ ৭জনক আদালতত হাজিৰৰ নিৰ্দেশ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ৫০০ কোটি টকাৰ মানহানিৰ গোচৰত আদালতে গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। আদালতে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলক এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ লগতে অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বত্ত্বাধিকাৰী জয়ন্ত বৰুৱালৈও একেই নিৰ্দেশ জাৰি কৰা হৈছে। আদালতে জনোৱা অনুসৰি, সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভিত্তিহীন আৰু মানহানিকৰ তথ্য প্ৰচাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।
আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে ৯ মাৰ্চত গৌৰৱ গগৈসহ মুঠ ৭জনক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। মানহানিৰ গোচৰত আদালতে স্থগিতাদেশ জাৰি কৰাৰ লগতে বিষয়টো গুৰুত্বসহ বিবেচনা কৰি আছে।
এই নিৰ্দেশৰ পাছত ৰাজনৈতিক ক্ষেত্ৰত পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গোচৰৰ পৰৱৰ্তী শুনানিত বিষয়টোৰ অধিক দিশ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
ডিজিটেল ডেস্ক, ১১ ফেব্ৰুৱাৰী