বাংলাদেশৰ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত তাৰিক ৰহমানক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ (BNP) ঐতিহাসিক বিজয়ৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে BNP নেতা তাৰিক ৰহমানক উষ্ম অভিনন্দন জনাইছে। ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এটা বাৰ্তাত মোদীয়ে এই জয়ক বাংলাদেশৰ জনতাৰ নেতৃত্বৰ প্ৰতি অটল আস্থাৰ প্ৰতিফলন বুলি বৰ্ণনা কৰিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে- “সংসদীয় নিৰ্বাচনত বিএনপিক নিৰ্ণায়ক জয়ৰ দিশত আগবঢ়াই নিয়াৰ বাবে তাৰিক ৰহমানক মই আন্তৰিক অভিনন্দন জনাইছোঁ । এই জয়ে আপোনাৰ নেতৃত্বৰ ওপৰত বাংলাদেশী জনসাধাৰণৰ আস্থা প্ৰতিফলিত কৰিছে ।” তেওঁ আৰু কয় যে ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল বাংলাদেশৰ সৈতে থাকিব আৰু দুয়োখন দেশৰ উন্নয়নৰ লক্ষ্যসমূহ শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী ।
উল্লেখ্য যে শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত বাংলাদেশত এইটোৱেই আছিল প্ৰথমটো বৃহৎ নিৰ্বাচন । ১৭ বছৰীয়া নিৰ্বাসনৰ পিছত তাৰিক ৰহমানৰ দলটো ক্ষমতালৈ ঘূৰি অহাটো দক্ষিণ এছিয়াৰ ৰাজনীতিত এক বৃহৎ টাৰ্নিং পইণ্ট । এই অভিনন্দন বাৰ্তাৰ জৰিয়তে ভাৰতে স্পষ্টভাৱে ইংগিত দিছে যে নতুন চৰকাৰৰ সৈতেও শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কক অগ্ৰাধিকাৰ দিব ।
উল্লেখ্য যে বৃহস্পতিবাৰে বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ হৈছিল আৰু সন্ধিয়াৰ পৰা ভোটগণনা আৰম্ভ হৈছিল । এতিয়ালৈকে পোৱা ফলাফল অনুসৰি ৰহমানৰ দলীয় মিত্ৰজোঁটে ২০৯খন আসন লাভ কৰি ৩০০ জনীয়া সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ।