ডিজিটেল ডেস্ক, ১৪ ফেব্রুৱাৰী : বিধানসভা নির্বাচনৰ প্রাকক্ষণত আজি পুনৰ অসমত উপস্থিত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধনৰ লক্ষ্যৰে অসমলৈ অহা প্রধানমন্ত্রী মোদীৰ ভ্রমণ বিশেষভাৱে উল্লেখযোগ্য ৷
আজি মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বিমানে অৱতৰণ কৰে। C130 হাৰ্কিউলিছ বিমানেৰে অৱতৰণ কৰে মৰাণৰ ELFত। দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰীগৰাকী। ই এল এফ ফিল্ডত প্ৰধানমন্ত্ৰীগৰাকীক সাদৰ সম্ভাষণ জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰি নিয়া হৈছে।