নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ তলেৰে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নির্মাণত সেউজ সংকেত

ডিজিটেল ডেস্ক, ১৪ ফেব্রুৱাৰী : অসম ভ্রমণৰ প্রাকক্ষণত ৰাজ্যবাসীলৈ সুখবৰ দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নতুন কার্যালয় ‘সেৱা তীর্থ’ত প্রথম দিনা বহিয়েই প্রধানমন্ত্রী মোদীয়ে এক বৈঠকত ব্রহ্মপুত্রৰ তলেৰে নির্মাণ হ’বলগীয়া গহপুৰ–নুমলীগড় সংযোগী ৰে’ল–পথ সুৰংগ নির্মাণত অনুমোদন জনায়৷ প্রায় ১৮,৬০০ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পটো বাস্তৱায়িত হ’লে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত এক যুগান্তকাৰী অধ্যায়ৰ সূচনা হ’ব৷

জানিব পৰা মতে, কালি সন্ধিয়া ৮ বজাত অনুষ্ঠিত বৈঠকখনত বহুচর্চিত প্রকল্পটোৱে কার্যতঃ কেন্দ্রীয় চৰকাৰৰ সেউজ সংকেত লাভ কৰাৰ লগে লগে বাস্তৱ হৈ পৰাৰ পথ সুগম হৈ পৰিল৷ উল্লেখ্য যে প্রস্তাৱিত এই সুৰংগটো হ’ল দেশৰ প্রথম টু–ইন আণ্ডাৰ ৱাটাৰ ষ্ট্রাকচাৰ৷ ই উত্তৰ অসম বিশেষকৈ গহপুৰ আৰু নুমলীগড়ৰ মাজত যোগাযোগ মাত্র ৩০–৩৫ মিনিটতে সম্ভৱ কৰি তোলাৰ লগতে সামৰিকভাৱে কৌশলগত  প্রকল্প ৰূপেও বিবেচিত হৈছে৷

ইফালে, অসমৰ পথ যোগাযোগ ব্যৱস্থালৈ আন এক সুখবৰ দিছে কেন্দ্রীয় পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰিয়ে৷ নিজৰ এক্স হেণ্ডেলত কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে প্রকাশ কৰা মতে, কেন্দ্রীয় চৰকাৰে ৰাজ্যখনৰ ১০টা পথৰ উন্নয়নৰ বাবে চেন্ট্ৰেল ৰোড ইনফ্রাষ্ট্রাকচাৰ ফাণ্ড (চিআৰআইএফ) আঁচনিৰ অধীনত অনুমোদন জনাইছে ৬১৭.৯৮ কোটি টকা৷ ইয়াৰ উপৰি অতিৰিক্তভাৱে চিআৰআইএফৰ সেতুবন্ধন আঁচনিৰ জৰিয়তে ১৬টা দলং প্রকল্পৰ বাবে কেন্দ্রীয় চৰকাৰে ১২৯.৭৪ কোটি টকা অনুমোদন জনাইছে৷ কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে এই সন্দর্ভত কয় যে এই পদক্ষেপে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাত সুদূৰপ্রসাৰী উত্তৰণ ঘটাব৷

You might also like