নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মতলীয়া ফাগুনে কঢ়িয়াই আনিছে আলি-আয়ে-লৃগাঙৰ বতৰা

কোনোবা গাভৰুৰ চাদৰৰ আঁচল উৰুৱাই আকাশ ৰাঙলী কৰি ধূলিয়ৰি বাটেৰে আকৌ আহিল দুষ্ট ফাগুন। আকাশ ৰাঙলী কৰি এই মতলীয়া ফাগুনে কঢ়িয়াই আনিছে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ বতৰা। ফাগুন মানেই মিচিং জনগোষ্ঠীৰ লোকসকলৰ উৎসৱৰ বতৰ। লৃগাঙৰ বতৰাই থৌকি-বাথৌ কৰিছে মিচিং ডেকা-গাভৰুৰ মন।তাঁতশালত ব্যস্ততা বাঢ়িছে মিচিং জীয়ৰী-বোৱাৰীৰ।

কাৰণ, ফাগুনৰ প্ৰথমটো বুধবাৰতে পালন কৰা হ’ব ভূমিপুত্ৰ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং। সমাগত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙক কেন্দ্ৰ কৰি এতিয়া ব্যস্ততা বাঢ়িছে মিচিং ডেকা-গাভৰুৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ঢকুৱাখনাতো মিচিং জনগোষ্ঠীৰ জনবসতিপ্ৰধান অঞ্চলত এতিয়া গুমৰাগ-ঐনিতমৰ মিঠা সুৰত মুখৰিত হৈছে আকাশ-বতাহ । হেঁপাহৰ লৃগাঙক লৈ তাঁতশালত বাঢ়িছে মিচিং যুৱতীৰ ব্যাপক ব্যস্ততা । থৌকি-বাথৌ হিয়াখন লৈ মিচিং জীয়ৰী-বোৱাৰীসকলে চলাইছে লৃগাঙৰ প্ৰস্তুতি ।

সাতোবন কাটি কৰি এতিয়া ঐনিতম জুৰি তাঁতশালত ব্যস্ত হৈছে ঢকুৱাখনাৰ বিভিন্ন অঞ্চলৰ মিচিং জীয়ৰী-বোৱাৰী । তাঁতশালত বাৰে বাৰে লাগিছে আউল। লৃগাঙক লৈ এতিয়া দিনে-নিশাই ৪-৫খনকৈ শাল পাতি নানাৰঙী বুটাবছা কাপোৰ বৈছে যুৱতীসকলে। এতিয়া মূৰ তুলিবলৈও আহৰি নাই । হাতত সময় তেনেই কম । কিয়নো, লৃগাঙত যে আপোনজনক যাচিব লাগিব হেঁপাহৰ উপহাৰ । প্ৰাণৰ উৎসৱ লৃগাঙলৈ বুলি কোনোৱে যদি লগাইছে জনগোষ্ঠীটোৰ পৰম্পৰাগত বস্ত্ৰ লেকে এগে, ৰিঃবি গাচেং, অৰকগ, দুমৌৰ, কোনোৱে লগাইছে মিবু গালেগ, গন্‌ৰ উগনৰ লগতে নানাৰঙী বুটাবচা কাপোৰ। মিচিং সমাজৰ এই পৰম্পৰা ৰক্ষাৰ বাবেই লৃগাঙৰ প্ৰাকক্ষণত তাঁতশালত ব্যস্ত হৈ পৰিছে জনগোষ্ঠীটোৰ জীয়ৰী-বোৱাৰী। গীত-মাতৰ উছাহভৰা পৰিৱেশত তাঁতশালৰ খিট খিট শব্দত এতিয়া এনেদৰে লৃগাঙৰ প্ৰস্তুতিত দিনে-নিশাই ব্যস্ত জনগোষ্ঠীটোৰ জীয়ৰী-বোৱাৰী।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৫ ফেব্ৰুৱাৰী :

You might also like