পূজা-পাৰ্বণ আহিলেই ধুবুৰীৰ বজাৰত ফল-মূলৰ দাম বৃদ্ধি পোৱাটো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। সেই ঘটনাৰ ব্যতিক্ৰম নঘটি এইবেলিও আজি হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ শিৱৰাত্ৰিৰ প্ৰাকমুহূৰ্তত ধুবুৰীৰ ফল-মূলৰ বজাৰত যেন মূল্যবৃদ্ধিৰ জুই জ্বলিল। স্বাভাৱিকভাৱেই ফল-মূলৰ দামবৃদ্ধিক লৈ সৰ্বসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে ধুবুৰীৰ ফল-মূলৰ বজাৰত কেজিপতি ১৫০ টকীয়া আপেলৰ দাম প্ৰতি কেজিত ৫০ টকাকৈ বৃদ্ধি পাই ২০০ টকা হৈছে। অনুৰূপ ধৰণে কেজিপতি ১২০ টকীয়া ডালিমৰ দাম হৈছে ২০০ টকা, ৭০ টকা কেজি কমলাৰ দাম বৃদ্ধি পাই বৰ্তমানে কেজিপতি ১০০ টকা হৈছে, ক’লা বৰণীয়া আঙুৰৰ প্ৰতি কেজিৰ দাম আজি হৈছে ২০০ টকা।
ফলৰ অনুৰূপে শিৱপূজাৰ আনুষংগিক সামগ্ৰী, যেনে- বেলপাত, আকন্দ, বেল আদিৰো দাম বৃদ্ধি পাইছে। ধুবুৰীৰ বজাৰত এইদৰে একাংশ অসাধু ব্যৱসায়ীয়ে ফল-মূলৰ দাম বৃদ্ধি কৰাত জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বৰ দৰে এইবেলিও দুই-তিনি দিনতে ঘটা অস্বাভাৱিক দামবৃদ্ধিৰ বিষয়টোক লৈ প্ৰশাসন যন্ত্ৰ আৰু যোগান বিভাগেও নিৰ্লিপ্ত হৈ থকাহে দেখা গৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৫ ফেব্ৰুৱাৰী :