নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ গৌৰৱ মেখেলা-চাদৰ প্ৰদৰ্শনেৰে অসমক জিলিকালে বিশ্ববাসীৰ ওচৰত…

ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : বিশ্বৰ ফেশ্বন ৱৰ্ল্ডৰ অন্যতম স্বৰ্ণপীঠ নিউয়ৰ্ক ফেশ্বন উইকত আকৌ এবাৰ উজলি উঠিল আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত অসমৰ বস্ত্ৰ শিল্প। অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই আকৌ এবাৰ গৌৰৱান্বিত কৰিলে অসম আৰু অসমীয়াক।

১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ আভিজাত্যৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব’ত প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰসকলৰ নতুন নতুন ফেশ্বন— নতুন নতুন বস্ত্ৰ সম্ভাৰ ৷ তাৰ মাজতেই স্বকীয় বৈশিষ্ট্যৰে নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰৰ লগতে মেখেলা-চাদৰ প্ৰদৰ্শনেৰে অসমলৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুপৰিচিত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷

প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই বিশ্বৰ ফেশ্বন জগতৰ সকলোৰে দৃষ্টি নিবদ্ধ থকা প্ৰদৰ্শনথলী নিউয়ৰ্ক ফেশ্বন শ্ব’ত বিশ্বৰ ফেশ্বন জগতৰ বৰ্তমানৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি মেখেলা-চাদৰ আৰু নিজৰ সৃষ্টিৰ বস্ত্ৰ সম্ভাৰ “কুঁৱলী—The Mist” শীৰ্ষক শিৰোনামেৰে ‘নিউয়ৰ্ক ফেশ্বন উইক – স্প্ৰিং ছামাৰ’ত প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা লাভ কৰে বিপুল সমাদৰ।

এইবাৰৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ৰ মঞ্চসমূহত Coach, Sergio Hudson আৰু Norma Kamaliৰ দৰে বিখ্যাত ডিজাইনাৰৰ শ্ব’ৰ মাজত ফেশ্বনৰ ৰানৱে’ত উজলি উঠিল সংযুক্তা দত্তৰ অসমীয়া শিপাৰ গোন্ধেৰে সমৃদ্ধ ফেশ্বন। Anne Hathaway আৰু Gigi Hadidৰ দৰে আন্তংৰাষ্ট্ৰীয় চেলিব্ৰিটীয়েও ইতিমধ্যে ফেশ্বন শ্ব’ৰ ৰানৱে’ত খোজ দিয়া দেখা গৈছে।

ইয়াৰ মাজতে সংযুক্তা দত্তৰ ফেশ্বন শ্ব’ত অসমীয়া পৰম্পৰাগত তাঁতশালৰ কাপোৰেৰে নতুন নতুন ডিজাইনৰ বস্ত্ৰ আৰু নিজেও অসমীয়া সাজ-পোছাকৰ শিপা তথা পৰম্পৰা মেখেলা-চাদৰ পৰিধান কৰি অসমীয়াৰ গৌৰৱ নিউয়ৰ্কত উজলাই তুলিলে সংযুক্তা দত্তই ৷

ভাৰতীয় সময় মতে দেওবাৰে পুৱা নিউয়ৰ্কত সংযুক্তা দত্তৰ মেখেলা-চাদৰৰ ডিজাইন আৰু পৰম্পৰাক থীম হিচাপে লৈ সাম্প্ৰতিক সময়ৰ সৈতে ফেৰ মাৰি প্ৰস্তুত কৰা বস্ত্ৰ সম্ভাৰ আৰু মেখেলা-চাদৰ প্ৰদৰ্শন কৰা হয় ৷ দৰ্শকৰ শাৰীত আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৌখিন ফেশ্বনপ্ৰেমীসকল।

এনে এক পৰিৱেশত নিউয়ৰ্ক ফেশ্বন শ্ব’ত নেপথ্যত বাজি আছিল ঝুমইৰৰ পৰা আৰম্ভ কৰি গোৱালপাৰীয়া লোকগীতলৈ— এটাৰ পিছত এটা ছন্দোময় অসমীয়া লোকগীত। ৰেম্পত মডেলে খোজ দিছে অসমীয়া তাঁতশালৰ কাপোৰেৰে প্ৰস্তুত সমকালীন বস্ত্ৰ সম্ভাৰ, মেখেলা-চাদৰ পৰিধান কৰি । শেষত মেখেলা-চাদৰেৰে মঞ্চত সবল উপস্থিতি সংযুক্তা দত্তৰ ৷ পৰিধান কৰা নিজৰ বস্ত্ৰত তেওঁ বুটা বাছি লৈছে— “সগৌৰৱে অসমীয়া” বুলি । সঁচা অৰ্থত বিশ্ব দৰবাৰত, ফেশ্বনৰ জগতত অসমীয়াৰ এয়া এক সগৌৰৱ আৰু সবল উপস্থিতি ৷

দেওবাৰৰ নিউয়ৰ্ক ফেশ্বন শ্ব’ৰ পিছত সংযুক্তা দত্তই নিজৰ ব্ৰেণ্ডক অসমীয়া হস্ততাঁত শিল্পৰ পৰম্পৰাক যাতে বিশ্বত এক সমুজ্জ্বল পৰিচয় দিব পাৰে তাৰ বাবে অধিক প্ৰয়াস চলাই যাব বুলি মন্তব্য কৰে। ভৌগোলিক পৰিসীমাৰ বাধাসমূহ অতিক্ৰম কৰি অসমীয়া ৰেচমক আন্তৰ্জাতিক ফেশ্বনৰ জগতত দৃঢ়ভাৱে উপস্থাপন কৰিব বিচাৰে সংযুক্তা দত্তই। অনাগত দিনত তেওঁৰ এই বিশ্বমুখী যাত্ৰাত হস্ততাঁত শিল্পীসকলক কেৱল বোৱনী হিচাপে নহয়, বিশ্ব ফেশ্বন জগতত শিল্পী হিচাপে দাঙি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি ফেশ্বন ডিজাইনাৰগৰাকীয়ে মন্তব্য কৰে ৷

You might also like