সমৰকলা প্ৰশিক্ষক মৃণাল কুমাৰ শইকীয়ালৈ আন্তঃৰাষ্ট্ৰীয় বঁটা
প্ৰাক্তন টাইকোৱানডো খেলুৱৈ তথা ৰজাবাৰীস্থিত পেন্থাৰ মাৰ্চিয়েল আৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক মৃণাল কুমাৰ শইকীয়াক গভ্ট অৱ ৰিপাব্লিক অৱ কোৰিয়া আৰু ৱ’ৰ্ল্ড টাইকোৱানডো মুখ্য কাৰ্য়ালয় কুক্কিৱনৰ ডিস্পেচড মাষ্টাৰ গ্ৰেণ্ডমাষ্টাৰ জেওং হি লিৰ দ্বাৰা ভাৰতত সমৰকলা বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ নিষ্ঠাৱান প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছে ৷
উল্লেখ্য যে যোৱা ২০২৪ বৰ্ষতো নিষ্ঠা, দায়বদ্ধতা আৰু সমৰকলা অনুশীলন, প্ৰসাৰৰ দিশত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ লগতে সমৰকলা সমাজখনক সমৃদ্ধ কৰা আৰু উন্নত সমাজ গঠনৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই অহাৰ বাবে ইণ্ডিয়া ডজাং স্প’ৰ্টছ অৰ্গেনাইজেচনে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছিল ৷ যোৰহাট ৰজাবাৰস্থিত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান (এন আই ডি)ত কৰ্মৰত মৃণাল কুমাৰ শইকীয়া ৰজাবাৰী টোকোলাই গাঁৱৰ বাসিন্দা কিৰণ শইকীয়া আৰু বন্তি শইকীয়াৰ পুত্ৰ ৷