১১ দিন কাৰাগাৰত থকাৰ পিছত ৰাজপাল যাদৱৰ জামিন লাভ
বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰী সোমবাৰে জামিন লাভ কৰিছে। ২০১৮ চনৰ এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। অভিনেতাগৰাকীয়ে ১১ দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল।
যোৱা সপ্তাহত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে অভিনেতাগৰাকীক ৯ কোটি টকা আদায় নকৰাৰ বাবে সকাহ নিদিয়া বুলি জনাইছিল।
অৱশ্যে, চলচ্চিত্ৰ জগতৰ কেইবাজনো লোকৰ আৰ্থিক সহায়ৰ পিছত, ৰাজপাল যাদৱে সোমবাৰে অন্তৱৰ্তীকালীন জামিন লাভ কৰে। আদালতে তেওঁক ১৮ মাৰ্চলৈকে মুক্তি প্ৰদান কৰিছে। এই জামিনৰ অধীনত অভিনেতাক শ্বাহজাহানপুৰত ভতিজীৰ বিয়াত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে।
ৰাজপাল যাদৱৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক জনাইছে যে অভিনেতাগৰাকীয়ে ১.৫ কোটি টকা জমা দিছে। লগতে, তেওঁক পাছপ’ৰ্টো জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী শুনানি ১৮ মাৰ্চত হ’ব।
ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী