নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ নতুন টাৰ্মিনেলত ঘৰুৱা উৰণৰ তাৰিখ ঘোষণা, জানক সবিশেষ

২২ ফেব্ৰুৱাৰীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত ঘৰুৱা উৰণৰ চলাচল আৰম্ভ হ’ব। এই কথা সংবাদ মেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ জনায় যে এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় উৰণসমূহ পুৰণি টাৰ্মিনেলৰ পৰাই চলি থাকিব।

নতুন ইন্টিগ্ৰেটেড টাৰ্মিনেল–২ৰ আনুষ্ঠানিক উদ্বোধন ২০২৫ চনৰ ২০ ডিচেম্বৰত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ৪,০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই টাৰ্মিনেল বছৰি ১.৩১ কোটি যাত্ৰী  চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে।

কৰ্তৃপক্ষৰ মতে, নতুন টাৰ্মিনেলত আধুনিক স্থাপত্যৰ সৈতে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰেৰণা সংযুক্ত কৰা হৈছে। স্থানীয় ঐতিহ্যৰ প্ৰতিফলন ঘটাই বিশ্বমানৰ বিমানবন্দৰ সুবিধা আগবঢ়োৱা হৈছে।

যাত্ৰীসকলে উন্নত নিৰাপত্তা ব্যৱস্থা, বিস্তৃত চেক-ইন কাউণ্টাৰ আৰু আধুনিক বেগেজ হেণ্ডলিং ব্যৱস্থাৰ সুবিধা লাভ কৰিব। বোর্ডিং গেট আৰু অপেক্ষা কক্ষসমূহো অধিক আৰামদায়ক কৰি উন্নীত কৰা হৈছে।

টাৰ্মিনেল–২ত ঘৰুৱা উৰণ আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীসকলে দ্ৰুত প্ৰক্ৰিয়া আৰু কম ভিৰৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। নতুন পৰিকাঠামোৱে পুৰণি টাৰ্মিনেলৰ ওপৰত চাপ হ্ৰাস কৰিব।

কৰ্তৃপক্ষৰ বিশ্বাস, এই উন্নয়নে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন আৰু সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিব। আগন্তুক বছৰসমূহত বৃদ্ধি পোৱা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সংখ্যা সামাল দিবলৈও এই টাৰ্মিনেল যথেষ্ট সহায়ক হ’ব বুলি মত প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী

You might also like