নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০৯ৰ পাছত প্ৰথমবাৰৰ বাবে লীগ ষ্টেজৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া, কপাল ফুলিল জিম্বাবোৱেৰ

২০২৬ টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াক বৰষুণে দিলে মোক্ষম আঘাত। অবিৰত বৰষুণৰ বাবে জিম্বাবোৱে আৰু আয়াৰলেণ্ডৰ মাজৰ খেলখন টছ নকৰাকৈ বাতিল কৰা হৈছে। ইয়াৰ ফলস্বৰূপে জিম্বাবোৱে ছুপাৰ-৮ পৰ্যায়লৈ স্থান নিশ্চিত কৰিছে, আৰু অষ্ট্ৰেলিয়া ২০২৬ টি-২০ বিশ্বকাপৰ লীগ ষ্টেজৰ পৰাই বাহিৰ হৈছে।

২০০৯ টি-২০ বিশ্বকাপৰ পাছত প্ৰথমবাৰেই এনে ঘটনা হৈছে, যেতিয়া অষ্ট্ৰেলিয়াৰ দল লীগ ষ্টেজৰ পৰাই প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছে।

উল্লেখ্য যে এইবাৰৰ বিশ্বকাপত জিম্বাবোৱেৰ হাতত অষ্ট্ৰেলিয়া পৰাস্ত হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ বাবে জটিল হৈ পৰিছিল ছুপাৰ-৮ৰ ৰাস্তা। তাৰ পিছতে কালি শ্ৰীলংকাৰ হাতত ধৰাশায়ী হোৱাত আজি এটা ক্ষীণ আশা লৈ আছিল অষ্ট্ৰেলিয়া। কিন্তু সেয়া বৰষুণে শেষ কৰি পেলালে। লগে লগে কেংগাৰু বাহিনীৰ যাত্ৰাৰ ইমানতে যতি পৰিল।

ইফালে অষ্ট্ৰেলিয়া বাহিৰ হোৱাৰ লগে লগে ছুপাৰ-৮ত স্থান পালে জিম্বাবোৱেই। লগতে থাকিল ভাৰত, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্টইণ্ডিজ।

ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী

You might also like