নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত পুনৰ ধেমাজিৰ যুৱকৰ ৰহস্যজনক মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু৷ কৰ্মসংস্থাপনৰ সন্ধানত প্ৰায়েই বহিঃৰাজ্য কেৰেলা, তামিলনাডু, অন্ধপ্ৰদেশ আদি ৰাজ্যলৈ ঢাপলি মেলা একাংশ অসমীয়া যুৱক প্ৰায়েই ৰহস্যজনক কাৰণত মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে৷

শেহতীয়াকৈ যোৱা ১৪ ফেব্ৰুৱাৰীত কেৰেলালৈ বুলি কৰ্মসংস্থাপনৰ বাবে যোৱা ধেমাজিৰ শ্ৰীপাণি পঞ্চায়তৰ অন্তৰ্গত বিজয়পুৰ গাঁৱৰ যুৱক সত্য শইকীয়াৰ ৰহস্যজনক মৃত্যু ঘটনাই এতিয়া অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷

জানিব পৰা অনুসৰি কেৰেলালৈ ৰেলেৰে গৈ থকা সত্য শইকীয়াই ১৬ ফেব্ৰুৱাৰীৰ নিশা ঘৰৰ কাষৰে এজন লোকলৈ আৰু পৰিবাৰলৈ ফোনযোগে কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁক মাৰি পেলাব বুলি পৰিয়ালক অৱগত কৰিছিল৷

অন্ধপ্ৰদেশৰ তেলানী জংচনৰ পৰা পৰিয়াললৈ অন্তিমটো ফোন কৰিছিল সত্য শইকীয়াই৷ আৰু পিছদিনাখন পুৱা পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰে৷

ইফালে বহিঃৰাজ্যত অসমৰ যুৱকৰ ওপৰত প্ৰায়েই অনুৰূপ ঘটনা সঘনাই সংঘটিত হোৱাত উদ্বিগ্ন হৈ পৰিছে সকলো৷ আক্ৰমণকাৰীসকল মানৱ দেহ ব্যৱসায় লগত জড়িত থকাৰো সন্দেহ কৰিছে একাংশই। লগতে ৰে’লত সাধাৰণ যাত্ৰীৰ নিৰাপত্তা দিশটোৰ প্ৰতি প্ৰশ্ন উত্থাপন উত্থাপিত হৈছে৷

ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী

You might also like