নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ ভুৱন তীৰ্থস্থানত ভক্তৰ মৃত্যু

বৰাক উপত্যকাৰ অন্যতম ধৰ্মস্থালী হৈছে ভুৱন পাহাৰ। প্ৰতিবছৰে শিৱৰাত্ৰিৰ সময়ত ভুৱন পাহাৰলৈ লাখ লাখ ভক্তৰ সমাগম ঘটা দেখা যায়।

এইবেলিও শিৱৰাত্ৰি উপলক্ষে কেইবা লাখ ভক্তই ভুৱন পাহাৰ বগাই মন্দিৰলৈ গৈছিল। কিন্তু দুৰ্ভাগ্যবশত শিৱৰাত্ৰিৰ দ্বিতীয় দিনা ভুৱন পাহাৰৰ ওপৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে এক ভক্তৰ।

নিহত লোকজন শিলচৰ ৰাঙিৰখাৰিৰ সঞ্জয় লোধা বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ পাছত প্ৰশাসনৰ লোকে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে।

ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী

You might also like