নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি টি-২০ ৰেংকিং : টপ-১০ত ঈশান কিষাণ, অক্ষুণ্ণ অভিষেক

আইচিচিয়ে আজি বুধবাৰ (১৮ ফেব্ৰুৱাৰী) ৰেংকিং আপডেট প্ৰকাশ কৰিছে, য’ত ঈশান কিষাণে টপ-১০ত প্ৰৱেশ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে ৪০ বলত ৭৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলাৰ লগতে পূৰ্বৰ খেলখনত নামিবিয়াৰ বিৰুদ্ধেও অৰ্ধশতক অৰ্জন কৰিছিল ঈশানে। ফলস্বৰূপে তেওঁ ১৭টা স্থান ওপৰলৈ উঠিছে। টি২০ বিশ্বকাপ ২০২৬ত প্ৰথম শতক অৰ্জন কৰা পাথুম নিশাংকাও ৩য় স্থান লাভ কৰিছে। আনহাতে যোৱা দুয়োখন খেলত শূন্য ৰানত আউট হোৱা অভিষেক শৰ্মাৰ ৰেংকিঙত কোনো ক্ষতি হোৱা নাই; তেওঁ এতিয়াও ১ নম্বৰ টি২০ বেটছমেন হিচাপে আছে।

পাকিস্তানৰ বিৰুদ্ধে খেলখনত ঈশান কিষাণ ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত হৈছিল। আৰ প্ৰেমদাসা ষ্টেডিয়াম বলাৰসকলৰ বাবে সহায়ক আছিল যদিও ঈশানে আক্ৰমণাত্মকভাৱে ৭৭ ৰান সংগ্ৰহ কৰে। দিল্লীত নামিবিয়াৰ বিৰুদ্ধেও তেওঁ ৬১ ৰান কৰিছিল। এই দুটা উৎকৃষ্ট ইনিংছৰ ফলত আইচিচিয়ে তেওঁক ১৭টা স্থান ওপৰলৈ উন্নীত কৰি টপ-১০ত স্থান দিয়ে।

কেইসপ্তাহমান আগলৈ ঈশান কিষাণ আইচিচি ৰেংকিংৰ টপ-৫০তো নাছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে দৰ্শনীয় প্ৰদৰ্শনে তেওঁক ওপৰলৈ লৈ আহে, আৰু সেই ফৰ্ম টি-২০ বিশ্বকাপতো অব্যাহত ৰাখি টপ-১০ত প্ৰৱেশ কৰে। বৰ্তমান ৭৩২ ৰেটিঙেৰে তেওঁ টি-২০ বেটিং ৰেংকিঙত ৮ নম্বৰ স্থানত আছে। তিলক বার্মায়ো এটা স্থান লাভ কৰি চতুৰ্থ স্থানত উঠিছে।

পাথুম নিশাংকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫২ বলত শতক অৰ্জন কৰি শ্ৰীলংকাক জয়ী কৰাত সহায় কৰে আৰু অষ্ট্ৰেলিয়াক প্ৰতিযোগিতাৰ পৰা বিদায় দিয়ে। তেওঁ ৩টা স্থান ওপৰলৈ উঠি ৭৮৬ ৰেটিঙেৰে তৃতীয় স্থান দখল কৰিছে।

অভিষেক শৰ্মাই এতিয়ালৈ টি-২০ বিশ্বকাপ ২০২৬ত খাটা খুলিব পৰা নাই। আমেৰিকাৰ বিৰুদ্ধে শূন্য ৰানত আউট হোৱাৰ পাছত নামিবিয়াৰ বিৰুদ্ধে তেওঁ নেখেলিলে। পাকিস্তানৰ বিৰুদ্ধে উভতি আহিলেও পুনৰ শূন্য ৰানতে আউট হয়। ভাৰতৰ গ্ৰুপ ষ্টেজৰ অন্তিম খেলখন আজি নেদাৰলেণ্ডছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।

ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী

You might also like