নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাৰ বাজেট অধিৱেশন প্ৰত্যক্ষ শুৱালকুছি কলেজৰ শিক্ষাৰ্থীৰ

শিক্ষাৰ্থীসকলক সংসদীয় গণতন্ত্ৰৰ ব্যৱহাৰিক জ্ঞান আৰু বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে  ১৮ ফেব্ৰুৱাৰীত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ এক বিশেষ শৈক্ষিক ভ্ৰমণসূচী সম্পন্ন হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাৰ বিশেষ তৎপৰতাত আৰু অধ্যাপক ৰঞ্জিত টাকু তথা দিব্যজ্যোতি শৰ্মাৰ তত্ত্বাৱধানত মহাবিদ্যালয়ৰ ২৪ গৰাকী স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীয়ে  অসম বিধানসভাৰ বাজেট অধিবেশনৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰে। এই দলটোত ছাত্ৰ একতা সভাৰ উপ-সভাপতি সমৰজ্যোতি কলিতা, সাংস্কৃতিক সম্পাদিকা অভিলেখা ডেকা আৰু ছাত্ৰী কল্যাণ বিভাগৰ সম্পাদিকা পাহি কলিতা প্ৰমুখ্যে ২১ গৰাকী শিক্ষাৰ্থীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

​সদনৰ মজিয়াত চলি থকা গুৰুত্বপূৰ্ণ বিতৰ্ক, বিশেষকৈ অসমৰ পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিবৰ্তন ৰোধৰ অৰ্থে বিভাগীয় মন্ত্ৰী মহোদয়ে আগন্তুক দিনবোৰৰ বাবে উত্থাপন কৰা পুঁজি বৃদ্ধিৰ প্ৰস্তাৱ আৰু ইয়াৰ ওপৰত চৰকাৰী তথা বিৰোধী পক্ষৰ বিধায়কসকলৰ মাজত সংসদীয় গণতান্ত্ৰিক নীতি-নিয়ম অনুসৰি চলা যুক্তি-তৰ্ক শিক্ষাৰ্থীসকলে অতি ওচৰৰ পৰা নিৰীক্ষণ কৰাৰ সুযোগ লাভ কৰে। এই ভ্ৰমণৰ জৰিয়তে শিক্ষাৰ্থীসকলে ৰাজনৈতিক প্ৰমূল্যবোধ, গণতান্ত্ৰিক আদৰ্শ আৰু অৰ্থনৈতিক তথা সাংস্কৃতিক মূল্যবোধ মানৱ জীৱনৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে এক বিস্তৃত তথা ব্যৱহাৰিক জ্ঞান লাভ কৰিবলৈ সক্ষম হয়।

​কেৱল শ্ৰেণীকোঠাৰ পাঠ্যপুথিত সীমাবদ্ধ নাথাকি এনেদৰে জীৱনৰ বাস্তৱিক জ্ঞান আহৰণ কৰিবলৈ পাই ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট আনন্দ আৰু সন্তুষ্টি প্ৰকাশ কৰে। এই শৈক্ষিক উত্তৰণমূলক পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন দিশৰ পৰা উপকৃত কৰা বুলি জানিবলৈ দি তেওঁলোকে ভৱিষ্যতেও মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক সমাজক এনেধৰণৰ যোগাত্মক কাৰ্যসূচী গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনায়। এনে ধৰণৰ অভিনৱ প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ এজন সচেতন নাগৰিক হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

বিশেষ বাৰ্তা, ​শুৱালকুছি, ২১ ফেব্ৰুৱাৰী

You might also like