অসমৰ সাংবাদিকতা জগতৰ অন্যতম পথিকৃৎ, বিশিষ্ট বুদ্ধিজীৱী, কেইবাখনো আগশাৰীৰ কাকতৰ সম্পাদক হিচাপে এক দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিয়োগত অসমৰ মফচলীয় সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ ‘আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন’ (আপকু)-এ গভীৰ শোক প্ৰকাশ কৰিছে।
সাংবাদিক সংগঠনটোৰ সভাপতি স্বপন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদকপ্ৰধান শৰৎ শেনচোৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে ৯৭ বছৰীয়া প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুৱে ৰাজ্যখনৰ সংবাদ ক্ষেত্ৰখনৰ এক অপূৰণীয় ক্ষতি কৰিলে। ৰাজ্যৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত নিজৰ সবল উপস্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা চক্ৰৱৰ্তীয়ে পৰৱৰ্তী সময়ত এগৰাকী বলিষ্ঠ আৰু নীতিনিষ্ঠ অভিভাৱক হিচাপেও পৰিচিতি লাভ কৰিছিল। এইগৰাকী বৰেণ্য সাংবাদিকৰ মৃত্যুৰ লগে লগে ৰাজ্যখনৰ সংবাদ জগতৰ এটা যুগৰ অৱসান ঘটা বুলিও সংগঠনটোৱে মন্তব্য কৰে।
আপকুৰ এগৰাকী শুভচিন্তক হিচাপে বিগত সময়ত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি সাধাৰণ কাৰ্যকৰ্তাসকলক সদায়ে উৎসাহিত কৰি অহা প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যুৰ লগে লগে আপকুৱে এগৰাকী শক্তিশালী অভিভাৱকক হেৰুৱালে। ব্যতিক্ৰমী চিন্তা-চেতনাৰে উজ্জীৱিত আৰু অত্যন্ত দৃঢ় মনৰ অধিকাৰী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ জীৱন আদৰ্শই আহিবলগীয়া সময়বোৰত অসমৰ নতুন প্ৰজন্মৰ সাংবাদিকসকলক সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব বুলি কৈ আপকুৰ কেন্দ্ৰীয় নেতৃত্বই আজি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
নিয়মীয়া বাৰ্তা, চেপন, ২২ ফেব্ৰুৱাৰী :