ভাৰতে ইচ্ছা কৰিলে কাঢ়ি ল’ব পাৰে পিঅ’কে, পাকিস্তানী সেনাক ট্রল কৰিলে নিজৰ দেশৰে যুৱতীয়ে
নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : ভাৰত এখন বিশাল দেশ৷ পাকিস্তানে ভাৰতৰ লগত যুদ্ধত অৱতীর্ণ হ’লে নিজৰেই ধ্বংস অনিবার্য৷ ভাৰতে যেতিয়াই বিচাৰে তেতিয়াই পাক অধ্যুষিত কাশ্মীৰ কাঢ়ি ল’ব পাৰে৷ –এইদৰেই পাকিস্তানৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত পাক সেনাক কৰা ট্রল অভূতপূর্ব হাৰত ভাইৰেল হৈ পৰিছে৷
এটা ভিডিঅ’ত পাকিস্তানী যুৱতীগৰাকীয়ে কয় যে আমাৰ কাশ্মীৰৰ অংশ অতি কম৷ ভাৰতে ইচ্ছা কৰিলেই পাকিস্তানৰ পৰা সেই অংশ মুহূর্ততে কাঢ়ি ল’ব পাৰে৷ ভাৰতৰ আক্রমণ প্রতিহত কৰিবলৈ শক্তিশালী নহয় পাকিস্তানী সেনা৷ তদুপৰি তেওঁলোক তেতিয়া ৰাজনীতিতহে অধিক জড়িত৷ ভাৰতৰ সৈতে যুদ্ধ হ’লে তেওঁলোক ক্লান্ত হৈ পৰিব৷ একে সময়তে যুৱতীগৰাকীয়ে পাকিস্তানী সেনাক নিজৰ কামত মনোনিৱেশ কৰিবলৈও আহ্বান জনায়৷
এই ভিডিঅ’টোৱে নেটিজেনৰ মাজত হাঁহিৰ খোৰাক যোগোৱাৰ লগতে এগৰাকী যুৱতীয়ে নিজ দেশৰ প্রকৃত স্বৰূপ উদঙাই দিলে বুলি বিভিন্নজনে মত প্রকাশ কৰিছে৷