নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুল্ক নীতি : ট্রাম্পক আঁতৰাবলৈ বিচাৰে ৬০ শতাংশ আমেৰিকানে

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মইমতালিত বিৰক্ত আমেৰিকাৰ সাধাৰণ নাগৰিক৷ দেশৰ ৬০ শতাংশ মানুহে বিচাৰে ড’নাল্ড ট্রাম্প ক্ষমতাৰ পৰা আঁতৰি যাওক৷ শেহতীয়াকৈ মার্কিন সমীক্ষক সংস্থা এটাই প্রকাশ কৰিছে এনে এটি চাঞ্চল্যকৰ প্রতিবেদন৷

প্রতিবেদন অনুসৰি ট্রাম্পে যি নীতিৰে দেশ চলাইছে, তাত একেবাৰে সন্তুষ্ট নহয় দেশখনৰ জনসাধাৰণ৷ বিশেষকৈ এই চৰকাৰখনৰ শুল্ক নীতিত অসন্তুষ্ট তেওঁলোক৷ মার্কিন সংবাদ মাধ্যম এবিচি নিউজ, ৱাশ্বিংটন প’ষ্ট আৰু ইপচ’ছ ন’লেজ পেনেলৰ মাধ্যমত সমগ্র আমেৰিকাতে চলোৱা হয় এই সমীক্ষা৷

সমীক্ষা মতে, দেশখনৰ বেছিভাগ মানুহেই ট্রাম্পৰ শুল্ক নীতি, বৈদেশিক সম্পর্ক, অভিবাসন আৰু সামগ্রিক অর্থনীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে৷ একে সময়তে ‘মেক আমেৰিকা গ্রেট এগেইন’ৰ শ্ল’গান দিয়া ট্রাম্পৰ ওপৰত আৰম্ভণিতে মানুহৰ আস্থা থাকিলেও লাহে লাহে সেই আস্থা অৱনমিত হৈছে৷ মাত্রাধিক আমদানি শুল্কৰ ফলত আমেৰিকাত মুদ্রাস্ফীতিত লেকাম নোহোৱা হৈ পৰিছে৷ বহু পণ্যৰ দাম দুগুণ হৈছেগৈ৷ খামখেয়ালী বৈদেশিক নীতিৰ ফলত ৬০ শতাংশ মানুহে ড’নাল্ড ট্রাম্প ৰাষ্ট্রপতি পদত থকাটো বিচৰা নাই৷

You might also like