নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত কংগ্ৰেছৰ টিকট বিচাৰিলে ৭গৰাকীয়ে

শাসকীয় মিত্ৰজোঁটৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থীক লৈ বৰ্তমানে সমষ্টিটোৰ ৰাজনৈতিক শিৱিৰে শিৱিৰে আৰম্ভ হৈছে ব্যাপক গুণা-গঁথা। উল্লেখ্য যে, এইবেলি সমষ্টিটোৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি আবেদন কৰা মুঠ ৭ গৰাকীৰ ভিতৰত প্ৰাক্তন আক্ৰাছু নেতা কাৰ্তিক চন্দ্ৰ ৰায় আৰু সদ্য অসম গণ পৰিষদ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা অশোক কুমাৰ ৰায় প্ৰধানীৰ নাম সম্ভাব্য প্ৰাৰ্থী বুলি চৰ্চিত হোৱা পোৱা গৈছে।

এই দুইগৰাকীৰ উপৰি মনিন্দ্র নাথ অধিকাৰী, নাৰায়ন দেবনাথ, সুভাষ সৰকাৰ আৰু তপন কুমাৰ ৰায়ে গোলকগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছে। ইয়াতে উল্লেখনীয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানে গোলকগঞ্জ বিধানসভা সমষ্টিটোৰ মুঠ হিন্দু ভোটাৰৰ সংখ্যা সংখ্যালঘু ভোটাৰৰ সংখ্যাতকৈ প্ৰায় ৪১ হাজাৰ।

তাৰেই পৰিপ্ৰেক্ষিতত, এইবাৰ এই বিধানসভা সমষ্টিটো বিজেপিৰ নিৰাপদ আসন বুলিয়েই গণ্য কৰা হৈছে। কিন্তু, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গোলকগঞ্জৰ হিন্দু বঙালীভাষী ভোটাৰৰ সংখ্যা বৰ্তমানে হৈছে গৈ প্ৰায় ৫৯ হাজাৰ।

সেয়ে, ৰাজনৈতিক কৌশল ৰূপে এইবাৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে গোলকগঞ্জত হিন্দু বঙালীভাষী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভবনা নথকা নহয় বুলিয়েই কিন্তু মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকে। অৱশ্যে দিঠতক গৈ গোলকগঞ্জ বিধানসভা সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব সেয়া সময়তেই স্পষ্ট হ’ব।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৩ ফেব্ৰুৱাৰী

You might also like