মানকাচৰত ১৩.৫০ লাখ টকাৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। কালি নিশা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰত আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জাসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৩ লাখ টকা বুলি জানিব পৰা গৈছে। কালি নিশা প্ৰায় ১১:৩০ বজাত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক জে এছ খবুঙৰ নেতৃত্বত উপ-পৰিদৰ্শক সীমান্ত ৰয় আৰু আক্কাছ আলীৰ এটা দলে ঝনঝনিৰ সমীপৰ সটীমাৰী অঞ্চলত এই অভিযান চলায়।
অভিযানৰ সময়ত আৰক্ষীয়ে মুঠ ২৬.৯৯৪ কিলোগ্ৰাম শুকান গাঞ্জা জব্দ কৰে। ইয়াৰে ১৯টা পেকেটত থকা ২০ কেজি গাঞ্জা এজন ব্যক্তিৰ পৰা আৰু বাকী প্ৰায় ৭ কেজি গাঞ্জা আন এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে আটক কৰা দুই সৰবৰাহকাৰী ক্ৰমে নজৰুল ইছলাম (৫৫), পিতৃ মৃত লুৎফৰ ৰহমান।
হাচিনুৰ মিঞা (২১), পিতৃ শাহা আলম মিঞা। উভয়ৰে ঘৰ সটীমাৰী গাঁৱত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইতিমধ্যে মানকাচৰ আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ (GDE No. 27) পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা, মানকাচৰ, ২৬ ফেব্ৰুৱাৰী