শুৱালকুছি ক্ৰীড়া প্ৰকল্প-বংশৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰীৰ
শুৱালকুছি-বংশৰকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ক্ৰীড়াৰ দীৰ্ঘদিনীয়া অভাৱ এটা আজি পূৰণ হল ৷ ৰাস্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম দুখনে বৃহত্তৰ অঞ্চলটোৰ পৰা ৰাস্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টিত ব্যাপক ইন্ধন যোগাব৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷
আজি শুৱালকুছিত নৱ নিৰ্মিত শুৱালকুছি ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰি তেওঁ পুনৰ কয় যে মই যেতিয়া ১৯৯৬ চনত শুৱালকুছিলৈ আহো তেতিয়া ইয়াত যে এনে এখন ষ্টেডিয়াম যে হব তাক সপোনতো ভবা নাছিলো৷ সপোনত নভবা কথা এটিয়ে আজি বাস্তৱ হ’ল৷ সময়বোৰ বাগৰিল আৰু অসমৰ চৌদিশে উন্নয়নৰ ধুমুহা হল৷ এই উন্নয়নৰ ধুমুহাই শুৱালকুছি-বংশৰকো সাঙুৰিলে৷ যাৰ ফলত আজি আমি এখন ৰাস্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰকল্প পাবলৈ সক্ষম হলো৷
৬৭.৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা শুৱালকুছি ক্ৰীড়া প্ৰকল্পত থাকিব ৰাস্ট্ৰীয় মানদণ্ডৰ উচ্চ মানৰ ফুটবল খেল পথাৰ, বাস্কেটবল কৰ্ট, ভলীবল কৰ্ট, হেমাৰ থ্ৰ, ডিচকাচ থ্ৰ, জেভলিন থ্ৰ, ওৱেট থ্ৰ, আঠটা লেনৰ থাকিব ৪০০লেনযুক্ত দৌৰৰ ট্ৰেকৰ লগতে থাকিব এথলেটিকছ সকলো খেলৰ সুবিধা ৷ খেলুৱৈ থকামেলাৰো সুবিধা থাকিব৷
ক্ৰীড়া প্ৰকল্পখনত দৰ্শকৰ বাবে ৬ হাজাৰ ৩০০ আসনৰ ব্যৱস্থা আছে৷ ইয়াৰ উপৰি ৭২০গৰাকী দৰ্শক বহিব পৰা এটা ইনডোৰ স্টেডিয়াম থাকিব য’ত থাকিব দুখন বেডমিণ্টন কোৰ্ট আৰু চাৰিখন টেবুল টেনিছ কৰ্ট৷ ইয়াৰ লগতে থাকিব মাৰ্চিয়েল আৰু জিমনাষ্টিক কোৰ্ট৷ এটা প্ৰশাসনিক আৰু দুটা কাৰ্যালয় কোঠা থাকিব৷
ইয়াৰ উপৰি ক্ৰীড়া প্ৰকল্পত খেলুৱৈ, খেল পৰিচালক, বিষয়া কৰ্মচাৰী আদিৰ বাবে সুকীয়া সুকীয়াকৈ কোঠা নিৰ্মাণ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ক্ৰীড়া প্ৰকল্পত ফ্লাইট লাইটৰ ব্যৱস্থা কৰা ৷ হাইমাস্ক ফ্লাইট লাইটৰ জৰিয়তে ইয়াত নিশা কোনো অসুবিধা নোহোৱাকৈ ফুটবল খেল অনুষ্ঠিত কৰিব পৰা যাব ৷ তদুপৰি সকলোৰে বাহনৰ বাবে সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা আছে৷
ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে শুৱালকুছিত নিৰ্মাণ হৈ উঠা ইঞ্জিনীয়াৰিং কলেজখন নিৰ্বাচনৰ পিছত উদ্বোধন কৰা হব আৰু পৰৱৰ্তী বছৰৰ পৰা তাত নামভৰ্ত্তিৰ ব্যৱস্থা হব ৷ তেওঁ শুৱালকুছিত নিৰ্মিয়ীমান হৈ থকা দুশ বিচনাযুক্ত চিকিৎসালয়খনো নিৰ্বাচনৰ পিছতে মুকলি কৰিব বুলি কয়৷
তেওঁ কয় যে শুৱালকুছিৰ পৰা নিমিষতে বৰঝাৰ বিমান বন্দৰ পাব পৰাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ আছে শুৱালকুছি-পলাশবাৰী দলং৷ ক্ষীব্ৰ গতিত নিৰ্মাণ কাৰ্য চলি আছে ৷ যথা সময়তে দলংখন উদ্বোধন কৰিব পৰা যাব৷ যাৰফলত সমগ্ৰ অঞ্চলটোত উন্নয়নৰ এক বৃহৎ পৰিবৰ্তন দেখা যাব ৷
উদ্বোধনী অনুষ্ঠানত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে বিপুল ভাৱে সম্বৰ্ধনা জনায় ৷
ক্ৰীড়া প্ৰকল্পটিৰ উদ্বোধনে বৃহত্তৰ অঞ্চলটোৰ ক্ৰীড়াপ্ৰমী ৰাইজৰ মাজত এক আশাৰ ৰেঙণিৰ সৃষ্টি হৈছে ৷ লগতে অঞ্চলটোৰ খেলুৱৈ সকলৰ মাজতো যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে ৷
ইফালে বংশৰটো আজি সৰ্বাংগসুন্দৰ ৰূপত নিৰ্মাণ কৰি উলিওৱা ষ্টেডিয়াম এখন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত তেওঁ বংশৰ অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোন বাস্তৱ হোৱা বুলি উল্লেখ কৰি ষ্টেডিয়ামখনৰ জৰিয়তে এই অঞ্চলৰ খেলুৱৈসকলে খেলৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰে ।
১১.৯৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ষ্টেডিয়ামখনত ফুটবল আৰু ভলীবলৰ সকলো সুবিধা থাকিব ৷ লগতে দৰ্শক বহিব পৰা এটা গেলাৰি আৰু এটা প্ৰশাসনীক কোঠা, এটা কাৰ্যালয় আৰু খেলুৱৈৰ বাবে কোঠা আদি থাকিব ৷ ইয়াৰ লগতে এটা ইন্দোৰ ষ্টেডিয়াম আছে ৷ ফ্লাইট লাইটৰ সম্পূৰ্ণ ব্যৱস্থা আছে ৷ যাৰ ফলত নিশায়ো ফুটবল খেল অনুস্হিত কৰিব পৰা যাব৷ ষ্টেডিয়ামখন উদ্বোধনে অঞ্চলটোৰ ৰাইজৰ মাজত উৎসাহ উদ্দিপনা দেখা গৈছে ৷
বিশেষ বাৰ্তা, শুৱালকুছি, ২৬ ফ্ৰেব্ৰুৱাৰী