নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NDA হিচাপে অৱতীৰ্ণ হ’ব নে নহয় UPPL, মুছলপুৰত বিশাল কৰ্মীসভা

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি ৰাজনৈতিক বতাহ বৃদ্ধি পোৱাৰ মাজতে বাক্সা জিলাৰ মুছলপুৰত ইউ পি পি এলৰ সভাপতি তথা প্ৰাক্তন বিটিচি চীফ প্ৰমোদ বড়োৱে এখন দলীয় কৰ্মী সভাত অংশ গ্ৰহণ কৰে।

সভাখনত বিটিচি অঞ্চলৰ সাংগঠনিক পৰিস্থিতি, আগন্তুক নিৰ্বাচনৰ কৌশল, মিত্ৰজোঁটৰ সমীকৰণ আৰু প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। সভাত অংশ লৈ প্ৰমোদ বড়োৱে স্পষ্টভাবে কয় যে, ইউ পি পি এল এতিয়া সাংগঠনিকভাৱে পূৰ্ণ শক্তিত আছে আৰু বিটিচিৰ ৪০টা ব্লক সমিতিৰ মাজত ব্যাপক আলোচনা চলি আছে।

দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এ হিচাপে অৱতীৰ্ণ হ’ব নে স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সন্দৰ্ভত অহা ১ মাৰ্চত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰমোদ বড়োৱে ভাষণত উল্লেখ কৰে যে, যিকোনো ৰাজনৈতিক দলৰ মূল শক্তি হৈছে তাৰ সাংগঠনিক ভিত্তি। ইউ পি পি এলৰ ক্ষেত্ৰত বিগত কেইবছৰত বিটিচি অঞ্চলত সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী কৰা হৈছে। ৪০ টা ব্লক সমিতিৰ জৰিয়তে তৃণমূল পৰ্যায়লৈকে দলীয় কাৰ্যসূচী বিস্তাৰ কৰা হৈছে। কৰ্মীসকলৰ মাজত একতা আৰু শৃংখলা বজাই ৰাখিবলৈ বিশেষ উদ্যোগ লোৱা হৈছে।

তেওঁ কয়, আমাৰ লক্ষ্য কেৱল নিৰ্বাচন জয় কৰাই নহয়, অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰা। সেই উদ্দেশ্যে আমি ব্লক, মহকুমা আৰু জিলাস্তৰত কৰ্মীসকলক প্ৰশিক্ষণ দিছোঁ। সংগঠন শক্তিশালী নহ’লে কোনো ৰাজনৈতিক যুঁজত সফল হোৱা সম্ভৱ নহয়। সভাত উপস্থিত বহু কৰ্মীয়ে নিজৰ মতামত আগবঢ়াই সংগঠন অধিক গতিশীল কৰাৰ আহ্বান জনায়।

বিশেষকৈ যুব প্ৰজন্মক ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰস্তাৱো আগবঢ়োৱা হয়।সভাত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি প্ৰমোদ বড়োৱে কয় যে, ইউ পি পি এলৰ ফালৰ পৰা ইতিমধ্যে ১৫টা বিধানসভা সমষ্টিৰ বাবে সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা হৈছে। দলীয় অন্তৰংগ আলোচনাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে আৰু চূড়ান্ত অনুমোদন দলৰ উচ্চ পৰ্যায়ত লোৱা হ’ব।

তেওঁ উল্লেখ কৰে যে, উক্ত ১৫টা সমষ্টিত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী আৰু জনসমৰ্থন যথেষ্ট আছে। তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু সমৰ্থকৰ মতামত লোৱাৰ পাছতেই প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ প্ৰাৰ্থীসকল হ’ব জনগণৰ মাজত গ্ৰহণযোগ্য, ভাল ভাবমূৰ্তিৰ আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ বুলি প্ৰমোদ বড়োৱে কয়।

সভাৰ আটাইতকৈ চৰ্চিত বিষয় আছিল এন ডি এৰ সৈতে সমন্বয় কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব নে নহয়। এই সন্দৰ্ভত প্ৰমোদ বড়োৱে স্পষ্টকৈ কয় যে, এই বিষয়ে দলৰ ৪০টা ব্লক সমিতি আৰু উচ্চ পৰ্যায়ৰ নেতৃবৰ্গৰ মাজত আলোচনা অব্যাহত আছে। সকলো দিশ বিবেচনা কৰি অহা ১ মাৰ্চত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

তেওঁ কয়, আমাৰ প্ৰধান লক্ষ্য হৈছে বিটিচি আৰু অসমবাসীৰ স্বাৰ্থ সুৰক্ষা কৰা। যি পথ ললে লক্ষ্য পূৰণত সহায়ক হ’ব, আমি সেই পথেৰেই আগবাঢ়ি। সভাত প্ৰকাশ পায় যে, তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰমোদ বড়ো নিজেও নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুত আৰু সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰমোদ বড়োৱে নিজে এই বিষয়ে প্ৰকাশ কৰি কয় যে, মই দলৰ এজন সাধাৰণ কৰ্মী। দল যি দায়িত্ব দিব, সেই দায়িত্ব মই পালন কৰিম। তথাপি ৰাজনৈতিক মহলত তেওঁৰ প্ৰাৰ্থীত্বক বিশেষ গুৰুত্ব দিয়া হৈছে।

সভাত ৰাজ্য সভালৈ যোৱা-নোযোৱাৰ সন্দৰ্ভতো প্ৰমোদ বড়োৱে স্পষ্টকৈ কয় যে ই সম্পূৰ্ণৰূপে দলীয় সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল। তেওঁ ব্যক্তিগতভাৱে কোনো মন্তব্য নকৰি কয় যে, দল যি সিদ্ধান্ত ল’ব, মই সেই সিদ্ধান্ত মানি চলিম। সভাৰ অন্তত প্ৰমোদ বড়োৱে সকলো কৰ্মীক ঐক্যবদ্ধ হৈ কাম কৰাৰ আহ্বান জনায়।

তেওঁ কয় যে ব্যক্তিগত স্বাৰ্থৰ ওপৰত দল আৰু অঞ্চলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিব। আগন্তুক নিৰ্বাচনত সফলতা লাভ কৰিবলৈ শৃংখলা, পৰিশ্ৰম আৰু একতাৰ বিকল্প নাই বুলি তেওঁ উল্লেখ কৰে। সভাত উপস্থিত কৰ্মীসকলেও উচ্ছ্বাসেৰে সঁহাৰি জনায় আৰু আগন্তুক নিৰ্বাচনত ইউ পি পি এলক জয়ী কৰাৰ সংকল্প গ্ৰহণ কৰে। বিভিন্ন ব্লক সমিতিৰ প্ৰতিনিধিয়ে নিজৰ অঞ্চলত চলি থকা সাংগঠনিক কাম-কাজৰ বিৱৰণ আগবঢ়ায়।

নিয়মীয়া বাৰ্তা, বৰমা, ২৭ ফেব্ৰুৱাৰী

You might also like