সাক্ষাৎগ্রহণ : নৱ কুমাৰ শর্মা
ফোন : ৯৯৫৪৫–৯০১৩৩
অসমৰ পৰা সুদূৰ গোৱাত আপুনি এতিয়া এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ী৷ জীৱনৰ আৰম্ভণিৰে পৰা আগবাঢ়ি এগৰাকী সফল ব্যৱসায়ী হোৱাৰ দীঘলীয়া জয়যাত্রা সম্পর্কত বিৱৰি ক’ব নেকি?
হয়, এই সম্পর্কত ক’বলৈ হ’লে মই একেবাৰে শৈশৱলৈ উভতি যাব লাগিব৷ মোৰ জন্ম গোলাঘাটৰ বৰুৱাবামুণ গাঁৱৰ কোৰালগুৰিত৷ স্থানীয় ১নং কোৰালগুৰি প্রাথমিক বিদ্যালয়ত মই গ্রহণ কৰিছিলোঁ প্রাথমিক শিক্ষা৷ সেয়া ২০০১ চন মানৰ কথা৷ পৰৱর্তী সময়ত কোৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ ইয়াৰ পিছত দেৰগাঁৱৰ উদয়ন একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক (কলা)ৰ চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ দেৰগাঁৱৰে কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজীক প্রধান বিষয় হিচাপে লৈ স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ এনেদৰে পঢ়া–শুনা কৰি গৈ অৱশেষত মই ‘এভিয়েচন এণ্ড হোটেল মেনেজমেণ্ট’ বিষয়ত শিক্ষা গ্রহণ কৰিবলৈ মন মেলিলোঁ৷ যাৰ বাবে মই গুৱাহাটীলৈ গ’লোঁ৷ তাত খ্রীষ্টানবস্তিত থকা ‘জেট উইংছ ইনষ্টিটিউট অৱ এভিয়েচন এণ্ড হোটেল মেনেজমেণ্ট’ত এবছৰীয়া পাঠ্যক্রমত নামভর্তি কৰিলোঁ৷ পাঠ্যক্রম সম্পূর্ণ হ’ল৷ ইয়াৰ পিছতে ২০১৮ চন মানত ‘কেম্পাছ ইণ্টাৰভিউ’ হৈছিল উক্ত প্রতিষ্ঠানটোত৷ সৌভাগ্যৰ কথা যে সেই সাক্ষাৎকাৰৰ ভিত্তিতে ৰাজস্থানৰ জয়শালমেৰাত থকা বিশ্বমানৰ হোটেল ‘মেৰিয়াট হোটেল’ত মোৰ নিযুক্তি হয়৷ ‘ফ্রণ্ট অফিচ এছ’চিয়েট’ হিচাপে বিখ্যাত আন্তঃৰাষ্ট্রীয় হোটেলখনত নিযুক্তি লাভ কৰিলোঁ৷ হোটেলখনত মই এবছৰমান কাম কৰিলোঁ৷ কিন্তু তাত কাম কৰি থকা সময়ত মই নিজকে স্বাৱলম্বী হিচাপে কাম কৰিবলৈ মনত ইচ্ছা জাগিছিল৷ এইক্ষেত্রত নিজকে সম্পূর্ণ সাজু কৰিবলৈ সেই চাকৰি ত্যাগ কৰি গোলাঘাটৰ ঘৰলৈ উভতি আহিলোঁ৷ ঘৰলৈ উভতি এটা ‘ট্রেভেল এজেঞ্চী’ৰ হৈ নিজকে নিযুক্ত কৰি মনে মনে অন্য ধৰণে প্রতিষ্ঠা লাভ কৰিবলৈ জল্পনা–কল্পনা কৰি থাকিলোঁ৷ এনে সময়তে ‘গোৱা আন্তঃৰাষ্ট্রীয় বিমান প্রাধিকৰণ’ত এটা পৰীক্ষা দিলোঁ আৰু সেই অনুসৰি মই তাত নিযুক্তি লাভ কৰিলোঁ৷ সেয়া ২০২০ চনৰ কথা৷ ‘গোৱা আন্তঃৰাষ্ট্রীয় বিমান প্রাধিকাৰী’ত মই এগৰাকী কর্মচাৰী হিচাপে সেৱা আগবঢ়ালোঁ৷ গোৱাত থকা সেই সময়ছোৱাত তাত থকা হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায়ে মোক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ ধৰিলে৷ এনেয়েও মই স্বাৱলম্বী হিচাপে কাম কৰিবলৈ মন মেলি আছিলোঁৱেই৷ সেই অৱস্থাত এই ব্যৱসায় প্রত্যক্ষ কৰি মই নিজকে ব্যৱসায়টোৰ সৈতে যুক্ত হ’বলৈ ইচ্ছা কৰিলোঁ৷ সেয়ে বিমান প্রাধিকাৰীৰ চাকৰিৰ সমান্তৰালকৈ তাৰ হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰাৰ বাবে ব্যৱসায়ৰ আভ্যন্তৰীণ বিষয়সমূহ অতি সূক্ষ্মভাৱে অধ্যয়ন কৰিবলৈ ধৰিছিলোঁ৷ বিমান প্রাধিকৰণত প্রায় ৮ মাহ কাম কৰাৰ অন্তত সেই চাকৰিও বাদ দিলোঁ৷ এইবাৰ মই গোৱাত ৰেষ্টুৰেণ্ট খুলিবলৈ সিদ্ধান্ত ল’লোঁ৷ কিন্তু ৰেষ্টুৰেণ্টখন মই নিজে খোলাৰ পূর্বে এই ব্যৱসায়ত অধিক সফল অর্জনৰ বাবে প্রথমে মই তাৰ ‘ট্রীপ’ নামৰ ৰেষ্টুৰেণ্টখনত মেনেজাৰ হিচাপে চাকৰি গ্রহণ কৰোঁ৷ নিজে মনে বিচৰা হিচাপে ৰেষ্টুৰেণ্টখনত কাম কৰি মোৰ যথেষ্ট ভাল লাগিল৷ তাত নিযুক্ত হোৱাৰ পিছৰে পৰা দায়িত্বৰ সমান্তৰালকৈ মোৰ নিজৰ ‘সপোনৰ ৰেষ্টুৰেণ্ট’ খোলাৰ বাবে অর্থ, স্থান আদিৰ বাবে মনে মনে পৰিকল্পনা কৰিলোঁ৷ সেই মতে ২০২১ চনৰ নৱেম্বৰত গোৱাৰ ‘মর্জিম বীচ্চ’ত মোৰ ৰেষ্টুৰেণ্টৰ শুভ আৰম্ভণি কৰিলোঁ৷ আজি এই ব্যৱসায়ৰ জৰিয়তে মই সুপ্রতিষ্ঠিত৷ এনেদৰে শৈশৱৰ পৰা আগবাঢ়ি আজি গোৱাত ৰেষ্টুৰেণ্টৰ জৰিয়তে প্রতিষ্ঠা লাভ কৰিলোঁ৷ এইক্ষেত্রত মই ভগৱান, পিতৃ–মাতৃ আৰু অন্য বহু সদাশয় লোকৰ প্রত্যক্ষ, পৰোক্ষ সহযোগৰ বাবেহে মই এনেদৰে অগ্রসৰ হ’ব পাৰিছোঁ৷
গোৱাত আপোনাৰ প্রতিষ্ঠিত ৰেষ্টুৰেণ্টখনৰ নাম, উপলব্ধ খাদ্যসম্ভাৰ, বিপণন, গ্রাহক, লাভালাভ আদি সম্পর্কত অলপ ক’ব নেকি?
‘কেফে হাংগ্রী হিপিজ’ হ’ল গোৱাত স্থাপিত মোৰ সপোনৰ ৰেষ্টুৰেণ্টখনৰ নাম৷ গোৱাৰ মার্জিম বীচ্চত ইয়াৰ অৱস্থিতি৷ ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা এই ৰেষ্টুৰেণ্টখনৰ শুভাৰম্ভ হৈছিল৷ প্রথম অৱস্থাত মাত্র ৫খন টেবুল আৰু ৪গৰাকী কর্মচাৰীৰ সহযোগত ৰেষ্টুৰেণ্টখন আৰম্ভ কৰা হৈছিল৷ চালুকীয়া অৱস্থাৰ পৰা সংগ্রাম কৰি বিগত ৫ বছৰে ৰেষ্টুৰেণ্টখনক লৈয়েই মই আগবাঢ়ি থাকিলোঁ৷ কঠোৰ পৰিশ্রম, ধৈর্যসহকাৰে আগবাঢ়ি আজি ভাল অৱস্থাত উপনীত হোৱা বুলিয়েই ক’ব পৰা হৈছোঁ৷ ব্যৱসায়িক সফলতাৰ বাবেই আজি ১০০গৰাকী লোকে ৰেষ্টুৰেণ্টখনত একেলগে খাদ্য গ্রহণ কৰিব পৰা অৱস্থাত উপনীত হৈছোঁ৷ ‘মাল্টিকুইজিং মেনু’ উপলব্ধ এই ৰেষ্টুৰেণ্টখনত এতিয়া ১৬গৰাকী কর্মচাৰীয়ে কাম কৰি আছে৷ নেপাল, কর্ণাটক আৰু গোৱাৰ এইসকল কর্মচাৰী৷ ইয়াৰ পূর্বে ৩গৰাকী অসমৰ যুৱক–যুৱতীয়ে ইয়াত কাম কৰিছিল যদিও এতিয়া তেওঁলোক নাই৷ উপার্জন বুলিলে নৱেম্বৰৰ পৰা ফেব্রুৱাৰী মাহৰ ভিতৰত দৈনিক ৭০ৰ পৰা ৮০ হাজাৰ টকা আয় হয় ৰেষ্টুৰেণ্টখনৰ জৰিয়তে৷ আনহাতে বাকী সময়ছোৱাত উপার্জন কিছু হ্রাস পায়৷ এই সময়ত দৈনিক গড় হিচাপে ৪০ৰ পৰা ৫০ হাজাৰ টকা আয় হয়৷ ইয়াৰ উপৰি জুনৰ পৰা আগষ্টলৈ এই তিনি মাহত সাগৰৰ তীৰত পর্যটকৰ সমাগম বহু কমি যায়৷ সেয়ে এই সময়ছোৱাত ৰেষ্টুৰেণ্টখন বন্ধ ৰখা হয়৷ সচৰাচৰ বন্ধৰ তিনিমাহ মই গোলাঘাটৰ ঘৰলৈ যাওঁ৷ তাত পৰিয়ালৰ সকলোৰে লগত একেলগে সময় অতিবাহিত কৰোঁ৷ এইখনিতে অতিৰিক্তভাৱে ক’ব বিচাৰো যে যোৱা বছৰৰ পৰা মই গোৱাত ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ সমান্তৰালভাৱে ‘হীপিজ ডেকৰ’ নামৰ এটা ‘ইভেণ্ট মেনেজমেণ্ট’ চলাই আছোঁ৷ ইয়াৰ জৰিয়তে আৰব সাগৰৰ তীৰত ‘স্পেচিয়েল কেণ্ডেল লাইট ডীনাৰ’, জন্মদিন, বিবাহবার্ষিকী আদিৰ লগতে ‘প্রাইভেট বোট ৰাইড’ আদিৰ সুবিধা কৰি দিয়া হয়৷ ইয়াৰ জৰিয়তেও মই শেহতীয়াকৈ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ৷
আপোনাৰ ৰেষ্টুৰেণ্টখনলৈ আগমন ঘটা গ্রাহকসকল সম্পর্কে আপোনাৰ মতামত?
আমাৰ ৰেষ্টুৰেণ্টলৈ নিতৌ আগমন ঘটে যথেষ্ট গ্রাহকৰ৷ বিদেশী লোকৰ সংখ্যাই সর্বাধিক৷ তদুপৰি আমাৰ ৰেষ্টুৰেণ্টখনলৈ নিতৌ যিমান গ্রাহক আহে তাৰ ভিতৰত প্রায় ৮০ শতাংশ ৰাছিয়াৰ লোক, অর্থাৎ ৰাছিয়ান লোক সর্বাধিক৷ ৰাছিয়াৰ বহুসংখ্যক লোক চার্টার্ড বিমানেৰে পোনে পোনে গোৱালৈ আহে৷ ৰাছিয়া আৰু গোৱাৰ মাজত পূর্বৰে পৰাই এক সু–সম্পর্ক আছে৷ যাৰ বাবে আগ্রহেৰে ৰাছিয়ান লোকসকল সাধাৰণতে গোৱালৈ আহে৷ গোৱাত উপস্থিত হৈ মার্জিম বীচ্চলৈ আহে৷ সেয়ে মার্জিম বীচ্চক ‘মিনি ৰাছিয়া’ বুলি কয়৷ যিহেতু ৰাছিয়ান লোক বহু আহে, সেয়ে তাৰ বহু লোক আমাৰ ৰেষ্টুৰেণ্টলৈও আহে৷ এনেদৰে দীর্ঘকালজুৰি নিয়মিতভাৱে অহা–যোৱা কৰি থকা বাবে বহু ৰাছিয়ান লোক আমাৰ পৰিয়ালৰ দৰে হৈ পৰিছে৷ আনকি তেনে হোৱা বাবে আমাৰ ‘ৱেটাৰ’সকলেও এতিয়া ‘ৰাছিয়ান’ ভাষাত কথা ক’ব পৰা হৈছে৷ ময়ো অলপ–চৰপ ৰাছিয়ান ভাষাত কথা ক’ব পৰা হৈছোঁ৷ ইয়াৰ উপৰি ফিনলেণ্ড, কাজাকিস্তান, ইউক্রেইন আদিৰ লগতে বেংগালুৰু, পুনে, মুম্বাই, দিল্লী আদিকে ধৰি ভাৰতৰো বিভিন্ন ৰাজ্যৰ লোক আমাৰ ৰেষ্টুৰেণ্টলৈ আহে৷ অসমৰ পৰা লোক আহিলে মোৰ সঁচাকৈ অন্তৰত বহুত ভাল লাগে৷ উৎসাহ–প্রেৰণা পাওঁ৷ এবাৰ ফেচবুকৰ জৰিয়তে মোৰ গোৱাৰ ৰেষ্টুৰেণ্টখনক লৈ এটা ভিডি’ দিছিলোঁ৷ তেতিয়াৰ পৰা অসমৰ পৰা বহু লোক ৰেষ্টুৰেণ্টখনলৈ আহে৷ অসমৰ লোকসকলৰ এই আগ্রহে মোক যথেষ্ট উৎসাহী কৰি তুলিছে৷ অভিনেতা ৰবি শর্মাৰ ‘ৰঘুপতি’ চিনেমাখনৰ ‘তুমি আৰু মই…’ শীর্ষক বিখ্যাত গানটোৰ শ্বুটিং আমাৰ ৰেষ্টুৰেণ্টখনত কৰা হৈছিল৷ ৰাজনীতি, উদ্যোগ, ব্যৱসায়, সাংস্কৃতিক আদি ক্ষেত্রৰ বহু খ্যাতিমান লোক এই ৰেষ্টুৰেণ্টখনলৈ আহিছে৷ মোৰ বাবে এয়া সৌভাগ্য বুলিয়েই ভাবিছোঁ৷
আপোনাৰ ৰেষ্টুৰেণ্টখনত থকা খাদ্যসম্ভাৰৰ বিষয়ে ক’ব নেকি? বিশেষ খাদ্য কিবা আছে নেকি?
আমাৰ ৰেষ্টুৰেণ্টখনত প্রধানকৈ ইণ্ডিয়ান, ৰাছিয়ান, চাইনিজ, কণ্টিনেণ্টেল, থাই আদি নানা তৰহৰ খাদ্যৰ প্রকৰণ আছে৷ গোৱাৰ আহাৰো উপলব্ধ ৰেষ্টুৰেণ্টখনত৷ উল্লিখিত প্রতিবিধ খাদ্যৰে গ্রাহক আছে৷ ইয়াৰ উপৰি আমাৰ ৰেষ্টুৰেণ্টখনৰ বিশেষ খাদ্য হ’ল– ‘ফ্রেচ ছী ফুড’৷ সাগৰৰ বিভিন্ন মাছৰ এই খাদ্যৰ বাবে ৰেষ্টুৰেণ্টখনৰ যথেষ্ট খ্যাতি আছে৷ ইয়াত কিংফিছ, পম্পফ্রেট, ৰকফিছ, ৰেড স্নেপাৰ, প্রঞ্চ, ক্রেব, লবষ্টাৰ আদি বিবিধ সাগৰীয় মাছৰ বিশেষ খাদ্যসম্ভাৰ ইয়াত উপলব্ধ৷
গোৱাত ব্যৱসায় কৰাৰ ক্ষেত্রত এগৰাকী মহিলা হিচাপে কিবা বিশেষ অসুবিধা, প্রত্যাহ্বান পাইছিল নেকি?
হয়, প্রথম অৱস্থাত অলপ সমস্যা হৈছিল৷ কিছু প্রত্যাহ্বান আহিছিল৷ বিশেষকৈ ব্যৱসায় আৰম্ভণি কৰাৰ ক্ষেত্রত প্রয়োজন হোৱা অনুজ্ঞাপত্রৰ নানা নথি–পত্র সংগ্রহ কৰাৰ ক্ষেত্রত মই অসমৰ পৰা যোৱা বাবে অগ্রাধিকাৰ পোৱা নাছিলোঁ, যাৰ বাবে মই কিছু বাধা–বিপত্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তথাপি তাৰ মাজেৰেই আগবাঢ়ি সকলোখিনি কামেই কৰিব পাৰিছিলোঁ৷ ইয়াৰ ভাষা বিভিন্নতাৰ বাবেও অলপ সমস্যাত পৰিছিলোঁ৷ তাত কোংকনি আৰু ইংৰাজী ভাষা চলে৷ হিন্দী ভাষা চলে যদিও কম৷ কোংকনি ভাষা নজনা বাবে প্রথমে কিছু অসুবিধা পাইছিলোঁ৷ আনহাতে মহিলা হিচাপে ৰেষ্টুৰেণ্টখনৰ সৈতে যুক্ত প্রত্যক্ষ–পৰোক্ষ বহু কর্মচাৰীৰ ‘ষ্টাফ মেনেজমেণ্ট’ৰ ক্ষেত্রত অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ৷ পিছতে লাহে লাহে ভাষাসমূহ শিকিলোঁ৷ কামৰ ক্ষেত্রত নিজকে ‘আপগ্রেড’ কৰিলোঁ৷
ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ ক্ষেত্রত সফল হ’বলৈ কিবা বিশেষ গুণ–অর্হতাৰ প্রয়োজন আছে নেকি?
ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ ক্ষেত্রত সফল হ’বলৈ নিজে এগৰাকী ভাল পৰিপক্ব ‘ছেফ’ হোৱাৰ প্রয়োজনীয়তা থকা দৰকাৰ৷ নিজে শুদ্ধ–ভালকৈ ৰান্ধিব জনাৰ গুণ থাকিলে এই ব্যৱসায়টোক সফলতাৰ দিশত আগবঢ়াই নিবলৈ উজু হৈ পৰে৷ অর্থাৎ সহজ ভাষাত ক’বলৈ হ’লে ভালকৈ ৰান্ধিব পৰা হ’লেহে ব্যৱসায়টোত অধিক সফলতা লাভ কৰিব পাৰি বুলি মই নিজে অনুভৱ কৰোঁ৷ তদুপৰি ৰেষ্টুৰেণ্ট এখন খুলি বেলেগৰ হাতত পৰিচালনাৰ ভাৰ সঁপি দিলেও সঠিক নহয়৷ মানে নিজে এই ব্যৱসায়টোত প্রত্যক্ষভাৱে লাগি থাকিব লাগিব৷ ব্যৱসায়টোত সময় দিব লাগিব৷ ৰেষ্টুৰেণ্টত অকল খাদ্য ভালকৈ দিলেও নহ’ব৷ তাত গ্রাহকে‘Hospitality’ অর্থাৎ ‘আতিথ্য’ বিচাৰে৷ ভাল আতিথ্য প্রদান কৰিব নোৱাৰিলে এই ব্যৱসায়ত সফলতা লাভ কৰা কঠিন৷ ক’ব পাৰি যে গ্রাহকক আতিথ্য প্রদান কৰিব পৰাটো ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ সফলতাৰ অন্যতম গুৰুত্বপূর্ণ চাবিকাঠী৷ আতিথ্য দিবলৈ হ’লে কেৱল কর্মচাৰীৰ ওপৰত সম্পূর্ণ নির্ভৰশীল হ’লে কিন্তু কেতিয়াবা ঠগ খাবলগীয়া হ’ব পাৰে৷ সেয়ে এই ব্যৱসায়ত নিজে সময় দি লাগি থাকিব পাৰিলেহে অধিক সফলতা অহাৰ সম্ভাৱনা থাকে৷
গোৱাত অন্য কিমান অসমীয়াই বিভিন্ন ক্ষেত্রত কাম কৰি আছে?
মই যেতিয়া প্রথম গোৱালৈ আহিছিলোঁ, তেতিয়া অসমীয়া মানুহৰ সংখ্যা যথেষ্ট সীমিত আছিল৷ কিন্তু পৰৱর্তী সময়ত লাহে লাহে বহু অসমীয়া লোক গোৱালৈ আহে আৰু বহুতে ব্যৱসায়িক কাম–কাজৰ সৈতে জড়িত হ’বলৈ ধৰে৷ ‘আছাম এছ’চিয়েচন অৱ গোৱা’ নামৰ এটা সংগঠন আছে৷ ইয়াত থকা অসমীয়া লোকৰ দ্বাৰা এই সংগঠনটো গঠন কৰা হৈছে৷ এই সংগঠনটোৰ ময়ো এগৰাকী সদস্যা৷ বর্তমান ৭০গৰাকীমান সদস্য আছে সংগঠনটোত৷ এই সংগঠনটোত থকা সদস্য–সদস্যাসকল্ ব্যক্তিগতভাৱে মোক যথেষ্ট উৎসাহ–উদ্দীপনা, সহযোগ কৰি আহিছে, যাৰ পৰা মই যথেষ্ট অনুপ্রেৰণা লাভ কৰি আহিছোঁ৷ এই সংগঠনটোৰ ছত্রছায়াত জন্মভূমিৰ পৰা বহু নিলগত থাকিও সকলো একত্রে সংগঠিত হৈ থাকিবলৈ সুযোগ লাভ কৰিছোঁ৷ সময়ে সময়ে একত্রিত হৈ মনৰ ভাব আদান–প্রদান কৰোঁ৷ গোৱাত শেহতীয়াকৈ বহু অসমীয়া নানা ব্যৱসায় তথা অন্য বিভিন্ন ধৰণেৰে প্রতিষ্ঠিত হৈছে৷ ইলোৰা গোস্বামী, অন্তৰা মহন্ত, অভিনন্দন দাস, প্রণৱ নাথ, মনোজ হাজৰিকা, পিয়াক্ষি আদিকে ধৰি বহুকেইগৰাকী অসমীয়া আজি গোৱাত প্রতিষ্ঠিত৷ এয়া নিশ্চিতভাৱে আমাৰ সকলোৰে বাবে অত্যন্ত ভাল লগা কথা৷
আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কত কিবা ক’ব নেকি?
মই শেহতীয়াকৈ নতুনকৈ আৰম্ভ কৰা ‘ইভেণ্ট মেনেজমেণ্ট’ৰ পৰিসৰ বহল কৰাৰ বাবে এক পৰিকল্পনা আছে৷ কিয়নো ইয়াৰ জৰিয়তে সংশ্লিষ্ট পক্ষৰ পৰা যথোচিত সঁহাৰি লাভ কৰিছোঁ৷ এইক্ষেত্রত বিষয়টোক গুৰুত্ব দি আগবঢ়াই নিলে অধিক সফলতা লাভ কৰিব পাৰিম বুলি আশা কৰিছোঁ৷ ইয়াৰ উপৰি ভৱিষ্যতে থকাৰ সা–সুবিধা কৰি হোটেল স্থাপন কৰাৰ বাবেও পৰিকল্পনা কৰি আছোঁ৷
গোৱাৰ সামগ্রিক পৰিৱেশ সম্পর্কত আপোনাৰ বক্তব্য?
গোৱাত বাৰ আদি আছে৷ মদৰো ব্যাপক প্রচলন৷ তৎসত্ত্বেও ইয়াত কিন্তু মহিলাসকল সম্পূর্ণ সুৰক্ষিত৷ ইয়াত মহিলাসকলৰ পিন্ধন–উৰণৰ ক্ষেত্রতো তেনে কোনো বাধ্যবাধকতা নাই৷ তথাপি এনে অৱস্থাতো মহিলা ইয়াত অপদস্থ হোৱা দেখা নাযায়৷ বিশেষকৈ আমাৰ ৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে বিষয়টো অলপ আচহুৱা লাগিব পাৰে বিগত কেইবাবছৰ ধৰি মই গোৱাত আছোঁ৷ নিশাৰ ভাগত মই অকলশৰে চলা–ফুৰা কৰি আহিছোঁ৷ কিন্তু কোনো অপ্রীতিকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱা নাই৷ গোৱাত মহিলাসকল খুব বেছি সুৰক্ষিত৷ ইয়াৰ লোকসকল বেছ ভদ্র৷