নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : উন্মনা ফাগুন

কবি নৱকান্ত বৰুৱাই লিখিছিল– ‘মোকতো পোৱাই চিনি, মই যে ফাগুন৷ অঁকৰা কবিৰ সৈতে চুপতি মৰাৰ বাবে, মোৰতো বহুত বদনাম৷’ ফাগুন যেন এজনী উন্মনা ছোৱালী৷ তাই যেতিয়াই যি মন যায় তাকেই কৰে৷ পছোৱা বলিলে তাই বাউলি হৈ পৰে৷ উৰুঙা লগা শীতৰ দিনবোৰে মেলানি মাগিবলৈ ধৰোঁতেই প্রকৃতিয়েও গা টঙায় এই ফাগুনৰ বতৰতে৷ গছ–বনে পুৰণি সাজ সলাই নতুন ৰূপত সাজোন–কাচোনৰ বাবে প্রস্তুতি চলায়৷ লঠঙা গছত জুই ফুল ফুলে৷ পলাশ, শিমলুৱে আকাশ ৰঙাই তোলে৷ নীলিম আকাশখন ধূলিৰে ধূসৰ হৈ পৰা সময়তে আকাশত ৰহণ চৰোৱা পলাশ–শিমলুৰ মনৰ বতৰা লৈ আকাশেও নিচুকনি গীত গায়৷ ধূসৰ পৃথিৱীখনক নিকা কৰিবলৈ একোজাক বৰষুণে জীপাল কৰি তোলে সমগ্র পৰিৱেশটো৷ ‘আজি ফাগুনৰ পুৱা বেলাতেই / মেঘে ওন্দোলাই আনিলে / আবতৰতেই নীল আকাশত/ক’লা ৰং কোনে সানিলে- বুলি গীতিকবি পার্ৱতিপ্রসাদ বৰুৱায়ো লিখি থৈছে৷

ওন্দোলাই অহা মেঘে যেতিয়া মাদল বজায়, তাৰ পৰাই উমান পায় যে ব’হাগলৈ আৰু বেছি দিন নাই৷ সেইবাবেই ফাগুনতেই কুলিয়েও বিনাই বিহুৰ আগলি বতৰা দিয়ে৷ খেতিয়কসকলেও আগন্তুক নতুন বছৰটোৰ বাবে প্রস্তুতি চলায় এই ফাগুনৰে পৰাই৷ কৃষিজীৱী মিচিং লোকসকলে সেইবাবেই ফাগুনৰ প্রথম বুধবাৰটোত আলি–আয়ে–লৃগাং পাতি নতুন বছৰটোৰ বাবে কৃষিকর্মৰ পাতনি মেলে৷ ফাগুনে মানুহৰ জীৱনলৈ কঢ়িয়াই আনে নতুন উদ্দীপনা, জগাই তোলে যৌৱনময় পুলক৷ সেইবাবেই তাহানি ভগৱান শ্রীকৃষ্ণয়ো ব্রজধামত হোলী খেলিছিল৷ তাৰে অনুকৰণত আজিও হিন্দুধর্মী লোকসকলে ফাগুনৰ বতৰতে ৰঙৰ উৎসৱ হোলী বা ফাকুৱা পালন কৰে৷ তাকে লৈ সৃষ্টি হৈছে সাহিত্যৰো৷ অসমীয়া হোলী গীততো ফাগুনৰ বর্ণনা পোৱা যায়৷ ফাগুনে শব্দৰ যাদু জানে৷ সেই ফাগুনী শব্দৰেই গীতিকাৰে গীত ৰচে৷

কবিয়ে কবিতা লিখে৷ সৰাপাতৰ খৰমৰণিত যেন জুনুকা বাজে৷ সৰাপাতৰ জুনুকা বজাই ফাগুন আহে৷ ফাগুন কেৱল এটা মাহ নহয়৷ ই প্রেম, সৃষ্টি আৰু নতুনত্বৰ বতৰা কঢ়িয়াই অনা আৱেগৰ এটা আলসুৱা ধল৷ ধূলিয়ৰি বাটেৰে সৰাপাতৰ জুনুকা বজাই অহা ফাগুনে অঁকৰা কবিৰ সৈতে চুপতি মাৰি প্রেমৰ বতৰা বিলায়৷ ই বিৰিখৰ আঁচল খহাই বসন্তৰ আগমনৰ আগজাননী দিয়ে৷ আমে মলিয়ায়৷ চুচুক–চামাককৈ কুঁহিপাতে গছৰ ডালত ভুমুকি মাৰিবলৈ লয়৷

আঘোণত সোণালী ধান চপোৱাৰ পিছত ৰিঙা ৰিঙা হৈ পৰা উদং পথাৰখনলৈ সজীৱতা ঘূৰি আহিবলৈ লয় এই ফাগুনৰ বতৰতে৷ ফাগুনৰ প্রথম বৰষুণজাকে শীর্ণ নদীখনৰ বুকুলৈও কঢ়িয়াই আনে আশাৰ বতৰা৷ টুলুঙা নাওখনেৰে যাত্রী পাৰ কৰি জীৱন নির্বাহ কৰা ঘাটোৱালজনৰ চকুতো আশাৰ কিৰণ জ্বলে৷ এনে নৱজাগৰণে মানুহৰ মন উতলা কৰে৷ ব’হাগ বিহুৰ উকমুকনি জাগে ডেকা–গাভৰুৰ মনত৷ ফুলপানীছিগাত ঢোলৰ বৰতিয়ে এঙামুৰি কাঢ়ে৷ বাটে পোৱালি মেলা পথাৰখনে নতুনৰ প্রতিশ্রুতি দিয়ে৷ ফাগুনৰ এনে অলেখ সম্ভাৱনাৰ মাজতো দুর্ভাৱনাই সন্তর্পণে খোজ পেলায়৷ ফাগুনৰ উৰুঙা উৰুঙা দিনবোৰত কেৱল মনবোৰেই উতনুৱা নহয়, দেহতো উলাহ জাগে আৰু তাৰেই আঁৰে আঁৰে বিভিন্ন ৰোগে হাতোৰা মেলি দিয়ে৷ কাহ, পানীলগা, আই, পেটচলা আদি বিভিন্ন ৰোগে সততে কাহিল কৰি তোলে দেহক৷ উখৰ বতৰটোৱে ৰোগক বিয়পিবলৈ যেন বাট কাটি দিয়ে৷ ফাগুনৰ এই বিড়ম্বনাক কাটি কৰি জীৱনটোক সহজভাৱে উদযাপন কৰিবলৈ হ’লে প্রয়োজন সজাগতা আৰু সচেতনতাৰ৷ ৰোগৰ বতৰীয়া আমনিয়ে অৱশ্যে জীৱনৰ স্বাচ্ছন্দ্যক বশ কৰিব নোৱাৰে৷ মানুহ অমৃতৰ সন্তান৷ বিভিন্ন প্রতিকূলতাৰ মাজতো মানুহে মূৰ দাঙি উঠিব পাৰে নিজৰ সাহস আৰু সততাৰে৷ ফাগুনে তাৰেই দিয়ে শিকনি৷ লঠঙা ফাগুনে যিদৰে সেউজীয়া ব’হাগৰ বতৰা দিয়ে, তেনেদৰে জীৱনৰ প্রতিকূলতায়ো অনন্য অনুকূলতাৰ সোপান ৰচে৷

You might also like