বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত পূব মাজৰচৰত সুদীৰ্ঘ দিন ধৰি অব্যাহত আছে নৈৰ বুকুত অবৈধ বালি খনন | খনন দেখি সমাগত বাৰিষাৰ সম্ভাব্য বিপৰ্যয়ৰ অনুমান কৰি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ |
ব্ৰহ্মপুত্ৰৰ সুঁতি নৈৰ বুকুৰ পৰা মাজৰচৰৰ একাংশ ভূ-মাফিয়াই নিতৌ ট্ৰেক্টৰেৰে অবৈধভাৱে বালি-মাটি খনন কৰি চলাই গৈছে বৃহৎ ছিণ্ডিকেট | প্ৰতি ট্ৰেক্টৰ বালি মাটি তিনিশ টকাৰ পৰা চাৰিশ টকালৈ বিক্ৰী কৰি ভূ-বালি মাফিয়াই মুনাফা লুটি আহিছে । এনে অবৈধ খনন কাৰ্যৰ ফলত ভূ-মাফিয়া লাভান্বিত হোৱাৰ বিপৰীতে ভীতিগ্ৰস্ত হৈছে নৈপৰীয়া ৰাইজ | এনেধৰণৰ অবৈধ খনন কাৰ্যৰ ফলতেই প্ৰতি বছৰে পূব মাজৰচৰ অঞ্চলত সৃষ্টি হৈ আহিছে নৈৰ ভয়ংকৰ খহনীয়া।
খহনীয়াত পূব মাজৰচৰত গৃহহাৰা হৈছে বহু পৰিয়াল | তৎসত্ত্বেও গা লৰা নাই বন বিভাগৰ লগতে স্থানীয় প্ৰশাসনৰ। স্থানীয় ৰাইজে এনে অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে মাত মাতিলেও হেনো গুৰুত্ব আৰোপ নকৰে ভূ-মাফিয়া চক্ৰই ! শীঘ্ৰে পূব মাজৰচৰত অব্যাহত থকা অবৈধ খনন বন্ধ কৰি ভূ-মাফিয়া চক্ৰক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১ মাৰ্চ :